Breaking

ইটাখোলাত সুধাকন্ঠ ড° ভূপেন হাজৰিকাৰ ৯৫ সংখ্যক জন্ম দিবস পালন।

0 2,550

সমগ্ৰ ৰাজ্য খনৰ বিভিন্ন প্ৰান্তৰ লগতেবিশ্বনাথ জিলাৰ ইটাখোলাতো সুধাকন্ঠ ভুপেন হাজৰিকাৰ ৯৫ সংখ্যক জন্ম দিন ইটাখোলাৰ একমাত্ৰ স্বেচ্ছাসেৱী সংগঠন বুনিয়াদৰ দ্বাৰা বিভিন্ন কাৰ্য্যসূচীৰে পালন কৰে ।   বুনিয়াদৰ স্থায়ী সভাপতি লক্ষীকান্ত বৰাৰ সব্জাপতিত্বত অনুষ্ঠিত অনুষ্ঠানটিত প্ৰথমতে সুধাকন্ঠ ভূপেন হাজৰিকাৰ  প্ৰতিচ্ছবিৰ সন্মুখত  বন্তি প্ৰজ্বলন কৰে  জামুগুৰিহাটস্থিত ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ চাহাবুদ্দিন আহমেদ আৰু স্থানীয় অৱসৰ প্ৰাপ্ত কৃতী শিক্ষক বেনীমাধৱ বৰাই ।   বন্তি প্ৰজ্বলনৰ পিছত  উপস্থিত বালিজুৰি ড্যান্স একাডেমীৰ নৃত্য প্ৰশিক্ষিকা ৰূপালী শৰ্মাৰ ভুপেন্দ্ৰ সংগীতেৰে শুভাৰম্ভ কৰা অনুষ্ঠানৰ কাৰ্যসূচীৰ আঁ‌ত ধৰে বুনিয়াদৰ সম্পাদক হেমন্ত নাথে। ইটাখোলা অঞ্চলৰ এক মাত্ৰ সামাজিক সংস্থা বুনিয়াদৰ লগত ওতঃপ্ৰোতভাবে জড়িত তথা সংস্থাটিৰ অন্যতম নিষ্ঠাৱান সদস্যা ও স্থানীয় কৃতী শিক্ষয়িত্ৰী মালবিকা শইকীয়া,বুনিয়াদৰ প্ৰাক্তন সভাপতি তথা অৱসৰ প্ৰাপ্ত শিক্ষক বেনীমাধৱ বৰা আৰু অৱসৰ প্ৰাপ্ত অধ্যক্ষ চাহাবুদ্দিন আহমেদক সম্বৰ্দ্ধনা জনায়।  ইয়াৰ উপৰিও বুনিয়াদ শীৰ্ষক অনুষ্ঠানটিয়ে অঞ্চলটিত বিগত দিনৰ পৰাই বিভিন্ন সামাজিক অনুষ্ঠানৰ লগতে বিশেষকৈ শৈক্ষিক দিশত বিশেষ কাৰ্যসূচী লৈ অহাৰ মাজতে ৮ চেপ্টেম্বৰ দিনটো সুধা কন্ঠ ড° ভুপেন হাজৰিকাৰ ওপজা দিন পালনৰ লগত সংগতি ৰাখি অঞ্চলটোৰ  কেইবাজনো শিক্ষক শিক্ষয়িত্ৰী আৰু অঞ্চলটোৰ বিশেষ ব্যক্তি  সকল  ক্ৰমে কৃতী শিক্ষক টুম প্ৰসাদ উপাধ্যায় প্ৰধান শিক্ষক বালিজুৰি উচ্চ মাধ্যমিক বিদ্যালয়,অৱনী বৰুৱা সহকাৰী শিক্ষক মনাই জয়সিদ্ধি উচ্চ ইংৰাজী বিদ্যালয়,মনোমতী ভুমিজ প্ৰধান শিক্ষক পদুমনি প্ৰাথমিক বিদ্যালয় আৰু ভাস্কৰ্যশিল্পী তথা দিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কৰ্মৰত কৰ্মচাৰী গোপাল বৰাক উষ্ম  সম্বৰ্ধনা জনায় ।এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শিল্পী সুজিত তচা,শিক্ষক মিন্টু কটকী আৰু পৰনীতা বৰাৰ ভুপেন্দ্ৰ সংগীতেৰে অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে। অনুষ্ঠানটিৰ কাৰ্যসূচী অনুসৰি উক্ত সম্বৰ্দ্ধনা অনুষ্ঠানৰ সম্বৰ্দ্ধিত ব্যক্তিসকলৰ মন্তৱ্যত ক্ৰমে হেম বৰুৱা মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ চাহাবুদ্দিন আহমেদে শ্ৰীমন্ত শংকৰ দেৱৰ তিৰুভাব তিথি,শিক্ষক দিৱস আৰু সুধা কন্ঠ দিৱসৰ ওপৰত এক বৃস্তিত আলোচনা আগবঢ়াই। 

Leave A Reply