Breaking

৯৮ জন কৃষি বিষয়াক জেষ্ঠ কৃষি উন্নয়ন বিষয়াৰ পদত স্থলাভিসিক্ত, কৃষি মন্ত্ৰীৰ তৎপৰতাক আদৰণি অসম কৃষি সেৱা বিষয়া সন্থাৰ…

0 18

অসম চৰকাৰৰ কৃষি বিভাগত শেহতীয়া ভাৱে ৯৮ জন কৃষি উন্নয়ন বিষয়াক জেষ্ঠ কৃষি উন্নয়ন বিষয়াৰ পদত স্থলাভিসিক্ত কৰা হয়। বহু প্ৰতিক্ষিত এই প্ৰক্ৰিয়া দীৰ্ঘ দিন ধৰি স্থবিৰ হৈ আছিল যদিও ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাই লোৱা তৎপৰ ভূমিকাৰ বাবেই এই প্ৰক্ৰিয়াটো সম্ভৱ হোৱা বুলি অসম কৃষি সেৱা বিষয়া সন্থাৰ সভাপতি মনোৰঞ্জন শৰ্মা আৰু সাধাৰণ সম্পাদক ৰাজীৱ কুমাৰ ভূঞাই এক বিবৃতিত উল্লেখ কৰি মন্ত্ৰী গৰাকীৰ এনে তৎপৰ ভূমিকাত সন্তুষ্টি প্ৰকাশ কৰে। তাৰোপৰি বিভাগৰ কেইবাজনো বিষয়াৰ বিৰুদ্ধে চলি থকা প্ৰধান মন্ত্ৰী কৃষক সন্মান নিধি বিষয়ক বিভাগীয় কাৰ্যবিধি বিষয়টো নিষ্পত্তিৰ ক্ষেত্ৰত অসম কৃষি সেৱা বিষয়া সন্থাই জনাই অহা দাবীৰ প্ৰতি সহাৰি জনাই কৃষি মন্ত্ৰী গৰাকীয়ে লোৱা ভূমিকাৰ বাবেই বহু কেইজন বিষয়াই সকাহ লাভ কৰিবলৈ সক্ষম হৈছে I

নিষ্পত্তি হবলৈ বাকী থকা বিষয়াসকলেও অতি কম দিনৰ ভিতৰতে এক সু-মীমাংসা লাভ কৰিব বুলি সন্থা আশাবাদী। এই সমগ্ৰ প্ৰক্ৰিয়াটোত কৃষিমন্ত্ৰী গৰাকীয়ে গ্ৰহণ কৰা ভূমিকাৰ বাবে সন্থাই মন্ত্ৰী গৰাকীক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে ৰাজ্যখনৰ কৃষক আৰু কৃষি ক্ষেত্ৰৰ ক্ষিপ্ৰ উন্নয়নৰ ধাৰা অব্যাহত ৰখাৰ স্বাৰ্থত বিভাগত পদোন্নতি আৰু খালি হৈ থকা বিভিন্ন পদসমুহ অতি সোনকালে পূৰণ কৰিবলৈ অনুৰোধ জনায় আৰু বিভাগৰ সেৱা বিধি,১৯৮০ বিভিন্ন ধাৰা বোৰৰ সংশোধন বিচাৰি সন্থাই জনাই অহা দাবীৰ নিষ্পত্তিৰ ক্ষেত্ৰত মন্ত্ৰী গৰাকীৰ হস্তক্ষেপ দাবী কৰে।

Leave A Reply