Breaking

সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়ন আমছুৰ হোজাই জিলা সমিতিৰ নৱম দ্বিবাৰ্ষিক অধিবেশন

0 2,058

সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়ন (আমছু) ৰ হোজাই জিলা সমিতিৰ উদ্যোগত নৱম দ্বিবাৰ্ষিক অধিবেশন ৬ আৰু ৭ ফেব্ৰুৱাৰী তাৰিখে হোজাই জিলাৰ নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গণত  বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰ  জৰিয়তে অনুষ্ঠিত কৰাৰ  সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল | জানিব পৰা মতে হোজাই জিলা উপায়ুক্ত সাদনেক সিং ৰ অনুমতি লৈ হোজাই জিলা আমছু সমিতিৰ নৱম দ্বিবাৰ্ষিক অধিবেশন ৬ আৰু ৭ ফেব্ৰুৱাৰী তাৰিখ ধাৰ্য কৰিছিল যদিওঁ আকস্মিক বাবে জিলা উপায়ুক্তই ৫ ফেব্ৰুৱাৰী তাৰিখে ৰাতি প্ৰায় ১১/১২ মান বজাত মেচেজ যোগে অধিবেশনখন নাকচ কৰা হৈছে বুলি জানিবলৈ দিয়ে | হোজাই জিলা আমছুৰ নৱম দ্বিবাৰ্ষিক অধিবেশন নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কৰিব নোৱাৰাত নীলবাগান সপ্তাহিক বজাৰৰ কাষত ব্যক্তিগত খণ্ডৰ ভূমিত অতি সুন্দৰ বাবে নৱম দ্বিবাৰ্ষিক অধিবেশনৰ প্ৰতিনিধি সভাৰ আয়োজন কৰি শক্তিশালী এখন হোজাই জিলা আমছু সমিতি গঠন কৰে | জানিব পৰা মতে, নৱ গঠিত হোজাই জিলা আমছু সমিতিৰ মুখ্য উপদেষ্টা ফাহিম ইকবাল মজুমদাৰ, সভাপতি কবিৰ আহমেদ লস্কৰ,  কাৰ্য্যকৰী সভাপতি মামুন ৰশিদ, সাধাৰণ সম্পাদকদ্বয় লুতফুৰ ৰহমানক আৰু ৰাজীৱ লস্কৰ লৈ ৭১ জনীয়া এখন পূৰ্ণাংগ জিলা সমিতি গঠন কৰা হয় | এই সভাত প্ৰায় দুই শতাধিক আমছু কৰ্মকৰ্তায় অংশগ্ৰহণ কৰিছিল। ইয়াত কেন্দ্ৰীয় সমিতিৰ হৈ উপস্থিত আছিল মনৱাৰ হুছেইন আৰু গিয়াছ উদ্দিন তাফাদাৰ।

Leave A Reply