উৎসৱৰ বতৰত সামান্য সকাহঃ বাণিজ্যিক গেছৰ চিলিণ্ডাৰৰ মূল্য ৩৯.৫০ টকাকৈ হ্ৰাস…

উৎসৱৰ বতৰত সামান্য সকাহ। বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য হ্ৰাস কৰা হৈছে। শুক্ৰবাৰে ১৯ কিলোগ্ৰাম ওজনৰ চিলিণ্ডাৰৰ মূল্য ৩৯.৫০ টকাকৈ হ্ৰাস কৰা হৈছে । গেছ চিলিণ্ডাৰৰ মূল্য সাধাৰণতে মাহৰ আৰম্ভণিতে সলনি হয়। এই মাহৰ আৰম্ভণিতে বাণিজ্যিক গেছৰ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি পাইছিল। অৱশ্যে খ্ৰীষ্টমাছ-নৱবৰ্ষৰ কথা মনত ৰাখি বাণিজ্যিক গেছৰ চিলিণ্ডাৰৰ মূল্য যথেষ্ট হ্ৰাস কৰা হৈছে। অৱশ্যেঘৰুৱা গেছৰ চিলিণ্ডাৰৰ মূল্য অপৰিৱৰ্তিত হৈ আছে।

ৰাজ্যিক মালিকানাধীন পেট্ৰ’লিয়াম কোম্পানীবোৰে কৈছে যে শুক্ৰবাৰৰ পৰা বাণিজ্যিক গেছৰ মূল্য হ্ৰাস কৰা হৈছে। ১৯ কিলোগ্ৰাম বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য প্ৰায় ৪০ টকা হ্ৰাস কৰাৰ কথাই ব্যৱসায়ীসকলক ভালে খিনি সকাহ দিব বুলি ধাৰণা কৰা হৈছে। দিল্লী, মুম্বাই আৰু চেন্নাইত বাণিজ্যিক গেছৰ চিলিণ্ডাৰৰ দাম প্ৰতিটোত ২,০০০ টকাৰ তলত হৈছে। গেছৰ মূল্য হ্ৰাস হোৱাৰ ফলত দোকানত বিক্ৰী হোৱা খাদ্যৰ মূল্যও হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। উল্লেখ্য পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পিছতে বাণিজ্যিক গেছৰ চিলিণ্ডাৰৰ মূল্য (১৯ কিলোগ্ৰাম) বৃদ্ধি পাইছিল। পাঁচখন ৰাজ্যৰ নিৰ্বাচনৰ পিছত ৰন্ধন গেছৰ মূল্য বৃদ্ধি পাব পাৰে বুলি পূৰ্বেই আশংকা কৰা হৈছিল। বিশ্ব বজাৰত তেলৰ মূল্যৰ সৈতে সংগতি ৰাখি সাধাৰণতে মাহৰ আৰম্ভণিতে গেছৰ মূল্য বৃদ্ধি বা হ্ৰাস কৰা হয়।

Related Articles