সদৌ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় কৰ্মচাৰী সংস্থাৰ কাৰ্যনিৰ্বাহ সভাত দাবী চনদৰ ওপৰত আলোচনা

সদৌ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় কৰ্মচাৰী সংস্থাৰ এখন কাৰ্যনিৰ্বাহক সভা ২৩ ডিচেম্বৰত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত অনুষ্ঠিত হয়। সদৌ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় কৰ্মচাৰী সংস্থাৰ সভাপতি ৰমেন ভৰালীৰ সভাপতিত্বত অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাত সদৌ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় কৰ্মচাৰী সংস্থাৰ দাবী চনদ কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য বিভাগৰ কৰ্মচাৰী সকলৰ আৰ্হিত “ৰোগী পৰিচৰ্যা ভাট্টা” দিয়া, ‘নতুন পেঞ্চন ব্যৱস্থা বাতিল কৰি পুৰণি পেঞ্চন ব্যৱস্থা বাহাল ৰখা’ৰ দাবী, চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় কৰ্মচাৰীসকলৰ ‘সুকীয়া চাকৰিৰ সেৱা বিধি’ ( Service Rules) প্ৰবৰ্তন কৰা আদি বিষয় সমূহৰ ওপৰত আলোচনা কৰাৰ লগতে অসম চৰকাৰৰ ওচৰত শীঘ্ৰে দাবী সমূহ সমাধান কৰিবলৈ দাবী জনায়।

সদৌ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় কৰ্মচাৰী সংস্থাৰ সাধাৰণ সম্পাদক দিলীপ চাংমাই সভাৰ আতধৰাৰ লগতে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে। কাৰ্যনিৰ্বাহ সভাত সংস্থাৰ উপদেষ্টা প্ৰদীপ কুমাৰ গোস্বামী, কানুৰাম কলিতা, কাৰ্যকৰী সভাপতি জনক দাস , দিগন্ত হাজৰিকা , ইব্ৰাহিম আলি লস্কৰৰ লগতে শিলচৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ পৰা ১১ জন, তেজপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ পৰা ৭ জন, অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ পৰা ৬ জন , বৰপেটা ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ পৰা ২ জন, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা ৭ জন , যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় পৰা কেইবাজনো প্ৰতিনিধি উপস্থিত আছিল।

২২ ডিচেম্বৰত যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় কৰ্মচাৰী সংস্থাৰ পঞ্চম দ্বি-বাৰ্ষিক অধিবেশন অনুষ্ঠিত হৈ যায়। অধিৱেশন উপলক্ষে সংস্থাৰ পতাকা উত্তোলন কৰে যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় কৰ্মচাৰী সংস্থাৰ সভাপতি খগেন শইকীয়াই। স্মৃতি তৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় কৰ্মচাৰী সংস্থাৰ উপদেষ্টা নগেন হাজৰিকা আৰু দিগন্ত হাজৰিকাই। সাধাৰণ সভা আৰু বিষয় বাছনি সভাত যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় কৰ্মচাৰী সংস্থাৰ ২০২৩-২০২৫ বৰ্ষৰ বাবে দিগন্ত হাজৰিকাক সভাপতি আৰু বিকাশ বৰদলৈক সাধাৰণ সম্পাদক হিচাপে লৈ এখন শক্তিশালী সমিতি গঠন কৰা হয়। বিষয় বাচনি সভাত পয্যবেক্ষক হিচাপে উপস্থিত আছিল সংস্থাৰ সভাপতি ৰমেন ভৰালী, সাধাৰণ সম্পাদক দিলীপ চাংমা, উপদেষ্টা প্ৰদীপ কুমাৰ গোস্বামী আৰু কানুৰাম কলিতা।

অধিৱেশন উপলক্ষে যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় কৰ্মচাৰী সংস্থাৰ সভাপতি খগেন শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা উদ্বোধন কৰে সংস্থাৰ উপদেষ্টা প্ৰদীপ কুমাৰ গোস্বামী। মুকলি সভাত মুখ্য অতিথি হিচাপে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডা: ৰত্নকান্ত তালুকদাৰ, অধীক্ষক পুৰ্ণীমা বৰুৱা, নিদিষ্ট বক্তা হিচাপে সদৌ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় কৰ্মচাৰী সংস্থাৰ সভাপতি ৰমেন ভৰালী, সন্মানীয় অতিথি হিচাপে সদৌ অসম কৰ্মচাৰী পৰিষদৰ উপ সভাপতি প্ৰদীপ ৰাজখোৱা, সদৌ অসম কৰ্মচাৰী পৰিষদৰ উপদেষ্টা নৃপেন ভূঞা, যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ নাৰ্ছিং অধীক্ষক পুৰবী কলিতা, বিশিষ্ট অতিথি হিচাপে সদৌ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় কৰ্মচাৰী সংস্থাৰ সাধাৰণ সম্পাদক দিলীপ চাংমা, উপদেষ্টা কানুৰাম কলিতা , সদৌ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় কৰ্মচাৰী সংস্থাৰ উপ-সভাপতি ইব্ৰাহিম আলি লস্কৰ উপস্থিত থাকি ভাষণ প্ৰদান কৰে।

মুকলি সভাৰ আতধৰাৰ লগতে শলাগৰ শৰাই আগবঢ়াই যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় কৰ্মচাৰী সংস্থাৰ সাধাৰণ সম্পাদক বাসৱ দাসে।

Related Articles