এতিয়া শীত।প্ৰতিটো ঋতু কিম্বা মাহৰ দৰেই শীতৰো আছে নিজস্ব সৌন্দৰ্য্য,আকৰ্ষণ।প্ৰকৃতিৰ বৈভৱী বোকোচাত শীতেও খুলি দিয়ে সৌন্দৰ্যৰ ভৰপূৰ টোপোলা।সেই সৌন্দৰ্যৰ নাম হালধীয়া।হয়!এতিয়া শীতৰ দলিচাত চৌদিশে কেৱল হালধীয়াৰ বিস্তাৰ আচ্ছাদন।চকুৰে নমনালৈকে এতিয়া অসমৰ ঠায়ে-ঠায়ে দৃষ্টিনন্দন হালধীয়াৰ চাদৰে আকৰ্ষিত কৰিছে বহুজনক।শীতৰ এইকেইটা দিনতে অসমৰ বিভিন্ন ঠাইত কৰা হয় সৰিয়হৰ খেতি।বিশেষকৈ নৈপৰীয়া চাপৰি অঞ্চলত সৰিয়হৰ খেতিৰ ব্যাপক প্ৰাচুৰ্য দেখিবলৈ পোৱা যায়।সৰিয়হ ফুলৰ মন মুগ্ধকৰ হালধীয়া ৰঙে এতিয়া হাত বাউলী মাতিছে অনেকক।দেৰগাঁৱৰ উত্তৰ দিশৰ দিচৈ আৰু ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ বিস্তীৰ্ণ এলেকাতো এতিয়া হালধীয়াৰ অপূৰ্ব সমাহাৰ।বিঘাই-বিঘাই কৃষিভূমিত কৰা চহাৰ দুচকুৰ হালধীয়া সপোন যেন সৰিয়হৰ খেতিয়ে এতিয়া চৌদিশে মেলি দিছে সৌন্দৰ্যৰ বিশাল চাদৰ।অপৰূপ লাবণ্যৰে হালধীয়াৰ মেলা বহিছে দিচৈ আৰু ব্ৰহ্মপুত্ৰৰ মাজৰ চাপৰিত।দেৰগাঁৱৰ উত্তৰে অৱস্থিত বানেধোৱা চাপৰি অঞ্চলৰ কৃষিজীৱি ৰাইজলৈ এতিয়া সৰিহয়ৰ খেতিয়ে বোৱাই আনিছে আশাৰ ঢল।
দিচৈ নদীৰ পাৰৰ লেঙেৰা চাপৰি,গঁড়মৰা, দানি চাপৰি, নাচনিপাৰ, টেমেৰা, ব্ৰহ্মপুত্ৰৰ পাৰৰ চৰাই চাপৰি,নতুন চাপৰি,শগুণপৰা,চিকাৰীঘাট,চকিয়াল চাপৰি,চিৰিশটিকা আদি ঠাইত কৰা সৰিয়হৰ খেতিয়ে অসমৰ অৰ্থনৈতিক ক্ষেত্ৰখনতো অৰিহণা যোগাব পাৰে বুলি আশা কৰিছে স্থানীয় ৰাইজে।চৰকাৰ আৰু সংশ্লিষ্ট মহলে খেতিয়কসকলক উপযুক্ত সাসুবিধা প্ৰদান কৰিলে এই নৈপৰীয়া অঞ্চলবোৰত কৰা সৰিহয়ৰ খেতিয়ে আগন্তুক দিনত কৃষিজীৱী ৰাইজক অৰ্থনৈতিকভাৱে সমৃদ্ধ হোৱাত সহায় কৰাৰ সম্ভাৱনা আছে।

