অসম গ্ৰন্থমেলাত সুৰেন্দ্ৰ মোহন দাসৰ পুথি ‘বৰ্ণাশুদ্ধি আঁতৰাওঁ আহক’ৰ শুভ উন্মোচন…

“অসমীয়া ভাষাৰ বানান শুদ্ধতাৰ দিশত নবীন-প্ৰবীণ বহুতৰেই সাহিত্যচৰ্চাত কিছু খোকোজা লগা দেখা যায়, এই হাতপুথিখনে কিঞ্চিৎ হ’লেও এই অভাৱ পূৰণত সহায়ক হ’ব বুলি আশা কৰিব পাৰি, গুণগত মানসম্পন্ন এই পুথিখনৰ প্ৰচাৰ আৰু প্ৰসাৰ যাতে প্ৰকাশকে অসমৰ চূকে-কোণে কৰে তাৰ এটি আবেদন ৰখা হ’ল, কবিতা, লিমাৰিক, প্ৰবন্ধ, শিল্পকলা, গীতিকাৰৰূপেও চৰ্চাত থকা শিশু-সাহিত্যক দাসদেৱৰ কলমেৰে ইতিমধ্যে ৯খন গ্ৰন্থ প্ৰকাশি ওলাইছে, ভৱিষ্যতত আৰু নিগৰক সৃষ্টিৰ সম্ভাৰ।”- এয়া উন্মোচক পুলকেশ ৰায় বৰুৱাৰ ভাষণৰ কিয়দংশ।উল্লেখ থাকে যে, যোৱা ৩ জানুৱাৰী বুধবাৰে দিনৰ ১০ বজাত চানমাৰিস্থ অসম গ্ৰন্থমেলাৰ ‘সৰস্বতী ডি এন আৰু ভাষা প্ৰকাশন’ বিপণীৰ সন্মুখত শিশু সাহিত্যিক সুৰেন্দ্ৰ মোহন দাসৰ ভাষা শুদ্ধতাৰ হাতপুথি ‘বৰ্ণাশুদ্ধি আঁতৰাওঁ আহক’ শীৰ্ষক গ্ৰন্থখনৰ শুভ উন্মোচন হৈ যায় ‘জোনাক’ আলোচনীৰ মুখ্য সম্পাদক, লেখক, কবি‌ পুলকেশ ৰায় বৰুৱাৰ দ্বাৰাই। উন্মোচনৰ আদিতে নিজৰ ভাব ব্যক্ত কৰি সুৰেন্দ্ৰ মোহন দাসদেৱে কয় যে – ‘অসমীয়া ভাষাৰ বানান বিভ্ৰান্তিৰ শুদ্ধতাৰ বাবে পাৰ্যমানে ব্যক্তিগত কিম্বা সামাজিক মাধ্যম তথা বাতৰি কাকত যোগে বহুবাৰ বহু কথা লিখি আহিছোঁ, সুষম বা মসৃণতাৰে সকলোৱে শুদ্ধ শব্দৰে লেখা লিখি যাওক, ৰাইজে মোৰ পুথিখন আদৰি ল’লে মোৰ পৰিশ্ৰম সাৰ্থক হ’ব।

‘লেখক, লিমাৰিক সম্ৰাট যোগানন্দ মহন্তই অতিথি হিচাপে উপস্থিত থাকি কয় যে, বহু লিখকে লিখোঁতেই বৰ্ণাশুদ্ধি শব্দটো ভুলকৈ বুজে, গতিকে সেইসকলৰ বাবে এইখন এখন অতি উত্তম পুথি হ’ব, মুঠতে ভাষা চৰ্চাকাৰীসকলৰ ওচৰ পাব লাগে এই পুথিখন। ‘বৰ্ণাশুদ্ধি আঁতৰাওঁ আহক’ পুথিৰ প্ৰকাশক, সুলেখক, বিশিষ্ট সাহিত্যকৰ্মী মুকুট শৰ্মাই নিজৰ ভাষণত কয় যে ‘সামাজিক মাধ্যমৰ জৰিয়তে আজিকালি প্ৰকাশ হোৱা পুথিৰ প্ৰচাৰ কৰিব লাগে, ক্ষিপ্ৰতাৰেই এই খবৰটো লাখ লাখৰ ওচৰ গৈ পায়গৈ। সুৰেন্দ্ৰ মোহন দাসৰ দুহিতা মাহিন্দ্ৰী দাস, সৰস্বতী ডি এনৰ মুকুট কলিতাসহ আন কেইবাজনো লোক এই শুভ কৰ্মভাগিত উপস্থিত থাকে।

Related Articles