শিলচৰৰ পৰা বুদ্ধনগৰলৈ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ ২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথচোৱা চাৰিলেনযুক্ত ঘাইপথলৈ ৰূপান্তৰিত কৰা হ’ব।
ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৯৫৭ কোটি টকাৰ অনুমোদন জনোৱাৰ কথা সদৰি কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

এই পথ সম্পূৰ্ণ হ’লে বৰাক উপত্যকাৰ সৈতে মিজোৰাম, মনিপুৰ, মেঘালয়ৰ মাজৰ সংযোগ বৃদ্ধি পাব বুলি উল্লেখ মুখ্যমন্ত্ৰীৰ।

