অসমৰ দেশী জনগোষ্ঠীৰ পূষণা উৎসৱঃ নুৰ ইছলাম

পূষণা হল অসমৰ দেশী জনগোষ্ঠীৰ লোক সকলৰ এক কৃষিভিত্তিক উৎসৱ। আঘোণৰ সোণগুটি চপাই আনি ভঁৰালত থোৱাৰ পিছতে এক স্বস্তিৰ নিশ্বাস লৈয়ে মনত জাগি উঠে সকলোৱে মিলিজুলি আনন্দ মনেৰে এসাঁজ ভোজ ভাত খোৱাৰ কথা, যাক আমি দেশীসকলে পূষণা বুলি ক‌ও। পৰম্পৰাগত এই উৎসৱ পালন কৰা হয় পুহ মাহৰ শেষৰ ৰাতি যদিও এই উৎসৱৰ সৈতে জড়িত দেশীসকলৰ আন আন কিছুমান নিয়ম-নীতি বা পৰম্পৰা যাৰ আৰম্ভণি হয় পুহ মাহৰ আৰম্ভণিৰ পৰাই।


পুহ মাহ আৰম্ভ হোৱাৰ লগে লগেই দেশী ডেকা গাভৰু বোৱাৰী জীয়ৰীৰ মনত এক আনন্দ উছাহৰে ভৰি পৰে। পূষণাৰ দিনলৈকে গোটেই মাহটো তাৰেই প্ৰস্তুতিত যায়। সন্ধিয়া হোৱাৰ লগে লগে ডেকাবোৰে পালবান্ধি এখন গাওঁৰ পৰা আন এখন গাওঁ লৈ এউৰী মাগিবলৈ যায় যাক আমি হাচাই/ হাচ্য বুলি ক‌ওঁ। এমাহ যুৰি এউৰী মাগি অনা চাউল/প‌ইচা খিনি দলটোৰ দলপতি জনৰ ঘৰত জমা থৈ দিয়ে। ইয়াতে উল্লেখ কৰিব লাগিব যে এই এউৰী মাগিবলৈ গৈ লোকৰ ঘৰে ঘৰে একধৰণৰ বিশেষ গীত গায় যাক দেশী সকলে হাচাই গীত বুলি কয়।

পূৱ দুৱেৰী ঘৰ ৰে তোৰ ঢোল্লা বাশেৰ ৰুৱে,
বাহিৰ কৰি দেও গিৰীৰ বেটি বাটা ভৰা গুৱে।……

ইয়াতে আৰু এটি কথা উল্লেখ কৰি থ‌ও যে হাচাই গীত গোৱাৰ পিছত যদি কোনো গৃহস্থই চাউল বা প‌ইচা নিদিয়ে তেতিয়া বেজাৰ মনেৰে অলপ জমনি কৰি আন এটি গীত গাই দিয়ে এনেধৰণৰ-

ক‌ওতো ৰে ভাই উস্টে,
এই বাড়ীটা খুব খুস্টে।।

অৰ্থাৎ এই গৃহস্থজন বৰ টেঙৰ তাকেই কৈ তাৰ পৰা লৰমাৰি আন এটি ঘৰলৈ যায়।
এনেকৈয়ে পুহ মাহৰ শেষৰ ফালে আহিল মানেই বোৱাৰী জীয়ৰীৰো ব্যস্ততা বাঢ়িল পিঠাগুৰি খুন্দাৰ, গোটেই গাঁওত ঢেকীৰ গুম গুমনি শব্দই পূষণাৰ বতৰা বিলায়। ইফালে ডেকাবোৰেও ব্যস্ত পথাৰত ঘৰ সজাত য’ত গোটেই ৰাতি নাচি বাগি আনন্দ ফুৰ্তিৰে এসাঁজ ভোজ ভাত (পূষণা) খাব।

পুহ মাহৰ শেষৰ দিনা গাঁওৰ ডেকা বুঢ়াই জাল, খালৈ, জাকৈ লৈ বিলত মাছ মাৰিবলৈ যায় যাক আমি দেশীসকলে বোৱাইত মাৰিবলৈ যোৱা বুলি ক‌ওঁ। বোৱাইত মাৰিবলৈ ওলাই যাওঁতে মহিলাসকলে পিছফালৰ পৰা পুৰুষ সকলক কেচা মাটিৰে ঢিল মাৰে কিয়নো হাজাৰ ঢিল খালেও কিন্তু পুৰুষসকলে সিদিনা পিছফালে ঘুৰি নাচায়। কিয়নো ইয়াতে লোক বিশ্বাস থাকে যে যিজন পুৰুষে গাত ঢিল পৰাৰ পিছত পিছফালে ঘুৰি চাব সি আৰু সিদিনা মাছ নাপায় সুদা হাতে ঘুৰি আহিব লগা হ’ব। পিছফালে ঘুৰি চোৱা মানেই অমঙ্গলজনক তাৰেই সুবিধা লৈ মহিলা সকলে ফুৰ্তিৰে ইজনে সিজনৰ গিৰিয়েকলৈ পিছফালে ঢিল মাৰি থাকে।

সন্ধিয়া হোৱাৰ লগে লগে আই মাওহতে ব্যস্ত হৈ পৰে বিভিন্ন ধৰণৰ পিঠা লাৰু বনোৱাত ইপিনে ডেকা সকলেও ব্যস্ত ভোজ ভাতৰ আয়োজনত। আয়োজন হিচাপে কালক্ৰমত হেৰাই গল যদিও এই কথা ইয়াত উল্লেখ কৰিব‌ই লাগিব যে খৰি হিচাপে লোকৰ জেওৰা, লোকৰ পথাৰৰ টালত থকা ফুলকবি, মুলা শাক পাচলি আদি কৰি লোকৰ হাঁহ কুকুৰা আদিও চুৰকৈ অনা পৰম্পৰাও আছিল।

পূষণা যিহেতু কৃষিভিত্তিক উৎসৱ গতিকে ইয়াত গৰুৰ কথা উল্লেখ থাকিব‌ই লাগিব। হয় পূষণাৰ দিনা পুৱাতে উঠি প্ৰথমে গৰুক গা ধোৱাই ডেকা বুঢ়া সকলোৱে নিজেও গা ধুই চোতালত জুইকুৰা জ্বলাই তাত ধানকটা কাচি গৰম কৰি প্ৰথমে গৰুৰ গাত অলপকৈ সেক দি প্ৰথমে গৰুক পিঠা খোৱায়।

তাৰ পিছত সৰু বৰ সকলোৱে মুৰত কচু পাত লগাই গৰম কাচীৰ সেক লয়। ইয়াৰে বিশ্বাস থাকে যে সেই সেক ললে কোনো ধৰনৰ বেমাৰ আজাৰে যাতে লগ নধৰে। ইয়াৰ পিছত হে জুইকুৰাৰ চাৰিও ফালে ঘেৰি বহি পিঠা লাৰু আদি খায়। ইজনে সিজনৰ ঘৰত যায়, পিঠা আদি বিলায়, মানে এক ভোগ বিলাহৰ উৎসৱ।

পূষণা দেশী লোকৰ চহা জীৱনৰ এক বিশেষ উৎসৱ ,, কালক্ৰমত বিভিন্ন জনে বিভিন্ন ধৰনে মডিফাই কৰি ইয়াক বেলেগ ধৰনেও পালন কৰে বা প্ৰকাশ কৰে যদিও আচল খাটি চহা দেশী সকলে পৰম্পৰাগত ভাবে এই উৎসৱ এইধৰনেই আজিও পালন কৰা দেখা যায়।

✍️ নুৰ ইছলাম, দঃ শালমাৰা।

Related Articles