অসম আৰক্ষীয়ে ম্যানমাৰৰ আলফা(স্বাধীন)ৰ শিবিৰলৈ কোনো চোৰাংচোৱা প্ৰেৰণ কৰা নাই বুলি স্পষ্ট কৰি দিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
সংবাদ মাধ্যমৰ আগত হিমন্ত বিশ্ব শৰ্মাই কয় যে, ‘মানস বৰগোহাঁই অসম আৰক্ষীৰ অংশ নহয়। মানস বৰগোহাঁইক ভুল বুজিছে পৰেশ বৰুৱাই। আমি সমগ্ৰ বিষয়টোক ক্ৰছ চেক কৰি চাইছো। ল’ৰাজন ইঞ্জিনিয়াৰিং ডিপ্ল’মাৰ ছাত্ৰহে। অসম আৰক্ষীত SIহ’বলৈ হ’লে বিধিগতভাৱে পৰীক্ষা দিব লাগিব। ল’ৰাজনে কেতিয়াও আৰক্ষীৰ পৰীক্ষাত অৱতীৰ্ণই হোৱা নাই’।
ইফালে, অসম আৰক্ষীয়ে ম্যানমাৰৰ নিষিদ্ধ উগ্ৰপন্থী সংগঠন আলফা(স্বাধীন)ৰ শিবিৰলৈ কোনো ধৰণৰ চোৰাংচোৱা পঠোৱাৰ কথা অস্বীকাৰ কৰিছে।

উল্লেখ্য যে মানস বৰগোহাঁইক আটক কৰাৰ পিছত পৰেশ পন্থীয়ে সংবিধান মতে বিচাৰ হ’ব বুলি ঘোষণা কৰিছিল। এই ঘোষণাক লৈ মানস বৰগোহাঁইৰ গোলাঘাটৰ সৰুপথাৰৰ ঘৰত হাহাকাৰ লাগিছে। একমাত্ৰ পুত্ৰক ঘূৰাই দিবলৈ কাতৰ আহ্বান পিতৃ মাতৃৰ

