‘পৰীক্ষা পে চৰ্চা’: ‘তোমাৰ ওপৰত মনোযোগ দিয়া, তুমি কি, তুমি কি কৰা, তুমি কি অনুশীলন কৰিছা, সেইটোৱেই তোমাৰ ভবিষ্যৎ নিৰ্ণয় কৰিব”, শিক্ষাৰ্থীলৈ পৰামৰ্শ প্ৰধানমন্ত্ৰী মোদীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে তেওঁৰ অত্যন্ত জনপ্ৰিয় অনুষ্ঠান ‘পৰীক্ষা পে চৰ্চা’ (পিপিচি ২০২৪) ৰ সপ্তম সংস্কৰণত বিভিন্ন ব’ৰ্ড পৰীক্ষাৰ বাবে সাজু হোৱা শিক্ষাৰ্থীসকলৰ সৈতে বাৰ্তালাপ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ বাৰ্তালাপৰ সময়ত শিক্ষাৰ্থীসকলক আত্মবিশ্বাসী হৈ কঠোৰ অনুশীলন কৰিবলৈ কয়। তেওঁ কয় “তোমালোকে যিমানে অনুশীলন কৰিবা, সিমানেই আত্মবিশ্বাসী হ’বা। পানী যিমানেই গভীৰ নহওঁক কিয়, যিজনে সাঁতুৰিব জানে তেওঁ পাৰ হৈ যাব। একেদৰে, প্ৰশ্নকাকত যিমানেই কঠিন নহওঁক, যদি আপুনি ভাল অনুশীলন থাকে, তেন্তে ভাল প্ৰদৰ্শন কৰিব পৰা যাব । তোমাৰ চাৰিওফালে কোনে কি কৰি আছে তাৰ প্ৰতি মনোযোগ দিয়া বন্ধ কৰিব লাগিব। তুমি ‘তোমাৰ ওপৰত মনোযোগ দিয়া’। তুমি কি, তুমি কি কৰা, আৰু তুমি কি অনুশীলন কৰিছা, সেইটোৱেই তোমাৰ ভৱিষ্যত নিৰ্ণয় কৰিব,” । প্ৰধানমন্ত্ৰী মোদীয়ে দিল্লীত ‘পৰীক্ষা পে চৰ্চা’ ২০২৪ অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলক এনেদৰে কয় ।


প্ৰধানমন্ত্ৰী মোদীয়ে শিক্ষাৰ্থীসকলক সতৰ্ক কৰি দিয়ে যে ম’বাইল ফোন আৰু অন্যান্য গেজেট ব্যৱহাৰ কৰাটো গুৰুত্বপূৰ্ণ, কিন্তু সেয়া মূল্যৱান সময়ৰ মূল্যত নহয়। এয়া এতিয়া বেছিভাগ পৰিয়ালত এটা সমস্যা হৈ পৰিছে বুলিও তেওঁ কয় । শিশুসকলক প্ৰায়ে ফোনত ইমান মগ্ন দেখা যায় যে তেওঁলোকে সময়বোৰ এনেয়ে অপচয় কৰে। । ইণ্টাৰনেট ব্যৱহাৰ কৰাৰ ভাল আৰু বেয়া দুয়োটা প্ৰভাৱ আছে, আৰু দুয়োটাৰ মাজত পাৰ্থক্য জনাটো গুৰুত্বপূৰ্ণ বুলিও মোদীয়ে কয়। । ইণ্টাৰনেটৰ ইতিবাচক ফলবোৰ কেনেদৰে ব্যৱহাৰ কৰিব লাগে সেয়া বুজিব লাগিব,” প্ৰধানমন্ত্ৰী মোদীয়ে কয়। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী য়ে বিগত ৬ বছৰে অনুষ্ঠিত কৰি আহিছে “পৰীক্ষাৰ পে চৰ্চা” শীৰ্ষক অনুষ্ঠানৰ ৷ ২০১৮ বৰ্ষত আৰম্ভ কৰা এই অনুষ্ঠানৰ এইবেলি সপ্তম বৰ্ষ ৷ মোদীয়ে এই অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ বহু প্ৰশ্নৰ উত্তৰ দিয়াৰ লগতে শিক্ষাৰ্থীৰে মত বিনিময় কৰি আহিছে। ৷ বিশেষকৈ পৰীক্ষাত কিদৰে সফল হব পাৰি তাৰ ওপৰত শিক্ষাৰ্থী সকলক প্ৰেৰণা যোগাই আহিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷

Related Articles