মৰিগাঁও জিলাৰ লাহৰীঘাট খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্রৰ অধীনস্থ ধূপগুৰি আয়ুষ্মান আৰোগ্য মন্দিৰৰ এম পি ডব্লিউ সুৰুজ জামাললৈ শ্ৰেষ্ঠ স্বাস্থ্য কৰ্মীৰ বঁটা লাভ কৰি সমগ্র মৰিগাঁও জিলাৰ লগতে লাহৰীঘাট খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্রলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে লাহৰীঘাট বাসীৰ লগতে স্বাস্থ্য কৰ্মী সকল উৎফুল্লিত হৈছে।
মঙলবাৰে পুৱা ৯.৩০ বজাত গুৱাহাটীৰ বৈশিষ্ট্য চাৰিআলিৰ আচাম ওৱাটাৰ চেন্টাৰত নেচনেল হেলথ মিছনৰ উদ্যোগত আয়োজিত স্বাস্থ্য মন্থন – ১১ ৰ এদিনীয়া কৰ্মশালাত অসমৰ বিভিন্ন জিলাৰ পৰা কেবাজন এম পি ডব্লিউ কৰ্মী সকলক তেওঁ লোকৰ কৰ্মৰ বিশেষ পাৰদৰ্শিতাৰ ওপৰত বঁটা প্ৰদান কৰা হয়।
তাৰে ভিতৰত মৰিগাঁও জিলাৰ পৰা একমাত্র এম পি ডব্লিউ কৰ্মী সুৰুজ জামাললৈও শ্ৰেষ্ঠ স্বাস্থ্য কৰ্মী বঁটা প্ৰদান কৰা হয়। শ্ৰেষ্ঠ স্বাস্থ্য কৰ্মী সকলক বঁটা প্ৰদান কৰে ডাঃ এম এচ লক্ষ্মীপ্ৰিয়া , আই এ এচ, মিছন ডাইৰেক্টৰ , নেচনেল হেলথ মিছন, অসম।

শ্ৰেষ্ঠ স্বাস্থ্য কৰ্মী সকলক বঁটা হিচাপে বাচনি হোৱা সকলো এম পি ডব্লিউৰ কৰ্মৰত ব্যক্তি সকলক এখনকৈ হাতঘড়ি প্ৰদান কৰা হয়। অনুষ্ঠানটিত বিভিন্ন জিলাৰ স্বাস্থ্য বিভাগৰ বিষয় ববীয়া সকলৰ উপৰিও অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ দায়িত্বশীল ব্যক্তি সকল উপস্থিত আছিল। উল্লেখ্য যে এম পি ডব্লিউ সুৰুজ জামাললৈ এই লৈ অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ দ্বাৰা দ্বিতীয় বাৰ তেওঁৰ নিষ্ঠাবান কৰ্মৰ বাবে বঁটা প্ৰদান কৰে।

