বিগত বৰ্ষত ৰঙালী বিহুৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰহ্মপুত্ৰৰ ওপৰত পলাশবাৰী-শুৱালকুছি সংযোগী ১২.২ কিল’মিটাৰ দৈৰ্ঘ্যৰ নতুন সেতুৰ আধাৰশিলা স্থাপন কৰিছিল। এই সেতুৱে অসমৰ ঐতিহ্যবাহী বস্ত্ৰশিল্পৰ কেন্দ্ৰস্থলীক উন্নত যাতায়াত ব্যৱস্থাৰে সমৃদ্ধ কৰিব।

প্ৰকল্পটো ৰূপায়ণৰ পদ্ধতি দ্ৰুতগতিত আগুৱাইছে। লাৰ্ছেন এণ্ড ট্যুব্ৰ’ নিৰ্মাণ প্ৰতিষ্ঠানৰ সৈতে নিৰ্মাণ চুক্তি সম্পন্ন কৰা হৈছে। ৪৮ মাহৰ ভিতৰত এই সেতুৰ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ । প্ৰধানমন্ত্ৰীৰ সবল নেতৃত্বত অসমত সংযোগ ব্যৱস্থাই এক শক্তিশালী গতি লাভ কৰিছে ৷

১৯৪৭ চনৰ পৰা ২০১৪ চনলৈ আমি ব্ৰহ্মপুত্ৰৰ ওপৰত মাত্ৰ ৩খন দলং লাভ ৷ কিন্তু তাৰ পাছৰ সময়ছোৱাত ইতিমধ্যে ৬খন দলং নিৰ্মাণ কৰা হৈছে আৰু আৰু ৬খন শীঘ্ৰেই অসমবাসীয়ে লাভ কৰিব।

