বিদেশী পেৰাগ্লাইডিং ইভেণ্টত প্ৰথম ভাৰতীয় মহিলাৰ অংশগ্ৰহণ
দেশৰ একমাত্ৰ মহিলা পেৰাগ্লাইডিং পাইলট ছেৱাং ড্ৰোমাই থাইলেণ্ডত অষ্টম থাইলেণ্ড পেৰাগ্লাইডিং একুৰেছী আছিয়ান বন্ধুত্ব অপেনত ভাৰতক প্ৰতিনিধিত্ব কৰিব। এই পেৰাগ্লাইডিং ৮ ফেব্ৰুৱাৰীৰ পৰা ১২ ফেব্ৰুৱাৰীলৈকে থাইলেণ্ডত অনুষ্ঠিত হ’ব ৷

তেওঁ হ’ল আন্তৰ্জাতিক ক্ষেত্ৰত প্ৰথম মহিলা পাইলট। ২০২২ চনত ছেৱাং ড্ৰোমাই মেঘালয় অপেন পেৰাগ্লাইডিং চেম্পিয়নশ্বিপ আৰু এছিয়ান লীগ কুৱালিফাইঙত ভাৰতীয় মহিলা শ্ৰেণীত প্ৰথম ৰানাৰ-আপ স্থান লাভ কৰিছিল৷

ইয়াৰ পাছত থাইলেণ্ডত অনুষ্ঠিত একেটা ইভেণ্টৰ বাবে তেওঁক নিৰ্বাচিত কৰিছিল যদিও অংশগ্ৰহণ কৰিব পৰা নাছিল। ছেৱাং ড্ৰোমা অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ দিৰাঙৰ বাসিন্দা৷

