ৰঙিয়াৰ বালাগাঁৱত উপ-স্বাস্থ্য কেন্দ্ৰৰ আধাৰশিলা স্থাপন বিধায়ক ভৱেশ কলিতাৰ

ৰঙিয়াত বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অন্তৰ্গত ৮০ লাখ টকা ব্যয় সাপেক্ষে সমষ্টিটোৰ আৰিমত্ত গাঁও পঞ্চায়তৰ অন্তৰ্গত বালাগাঁ‌ৱত নিৰ্মাণ হ’বলগীয়া বালাগাঁও উপ-স্বাস্থ্য কেন্দ্ৰটিৰ আধাৰশিলা স্থানীয় বিধায়ক ভৱেশ কলিতাই স্থাপন কৰে।

এই উপ স্বাস্থ্য কেন্দ্ৰটি অহা ১৫ আগষ্টৰ দিনা শুভ উদ্বোধন কৰি ৰাইজৰ সেৱাৰ্থে উৎসৰ্গা কৰিম বুলি বালাগাঁওবাসীক প্ৰতিশ্ৰুতি প্ৰদান কৰে বিধায়ক গৰাকীয়ে।

উল্লেখ্য যে বিধায়ক গৰাকীয়ে বালাগাঁওবাসীৰ মনৰ বুজ লোৱাৰ উপৰি বৃহত্তৰ অঞ্চলটোৰ নৱতম সংযোজন এই উপ-স্বাস্থ্য কেন্দ্ৰটিয়ে জনসাধাৰণৰ সু-স্বাস্থ্য নিশ্চিতকৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলিও লগতে উল্লেখ কৰে।

-নয়নজ্যোতি তালুকদাৰ, ৰঙিয়া

Related Articles