জামুগুৰিহাট, ৪ ডিচেম্বৰ : ৮০ৰপৰা ৯০ দশকলৈকে জামুগুৰিহাটৰ ঐতিহাসিক পানপুৰঘাটৰপৰা চলা ফেৰি সেৱাই আছিল উত্তৰ অসমৰ লগত যোগাযোগৰ একমাত্ৰ থলি৷কিন্তু ব্ৰহ্মপুত্ৰৰ ওপৰত কলিয়াভোমোৰা সেতু নিৰ্মাণ হোৱাৰ পিছতেই যেন ক্ৰমাৎ নিষ্প্ৰভ হৈ পৰিছিল এই একালৰ বৃন্দাৱনসদৃশ পানপুৰঘাট ৷ যাৰবাবে বিগত কেবাটাও দশকজুৰি প্ৰাণচঞ্চল ঐতিহাসিক পানপুৰঘাট হৈ পৰিছিল নিৰৱ আৰু নিস্তব্ধ৷কিন্তু শেহতীয়াকৈ অসমৰ পৰ্য্যটন মানচিত্ৰত এই পানপুৰ ঘাট তথা কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ অন্তৰ্গত পানপুৰ বনাঞ্চলে স্থান লাভ কৰাত পুণৰ প্ৰাণচঞ্চল হৈ উঠিছে ঐতিহাসিক পানপুৰঘাট ৷ পানপুৰঘাটৰ গাঁতে লাগি থকা পানপুৰ বনাঞ্চলৰ ভিতৰত থকা পৃথিৱী বিখ্যাত এশিঙীয়া গড়, হাতী, নল গাহৰি, বাঘকে ধৰি বিভিন্ন প্ৰকাৰৰ হৰিণাৰ লগতে শীতৰ আগমনৰ লগে লগে দেশ বিদেশৰ পৰা উৰি আহি বিল জলাশয়ত আশ্ৰয় লোৱা পৰিভ্ৰমী চৰাই স্বচক্ষে প্ৰত্যক্ষ কৰাৰ বাবে ক্ৰমাৎ জনতাৰ সোঁত ব’বলৈ আৰম্ভ কৰিছে দশক দশকজুৰি উপেক্ষিত হৈ পৰা পানপুৰঘাটলৈ ৷ বনাঞ্চলখনৰ ভিতৰৰ নৈসৰ্গিক দৃশ্য পৰ্যটকসকলে উপভোগ কৰাৰ সুবিধাৰ বাবে ইতিমধ্যে বনবিভাগে জীপ চাফাৰিৰ ব্যৱস্থা আৰম্ভ কৰাৰ লগে লগেই পানপুৰ ঘাটত এতিয়া উৎসুক জনতাৰ ভিৰ পৰিলক্ষিত হৈছে ৷ পৰ্যায়ক্ৰমে কাজিৰঙা ষষ্ঠ সংযোজনৰ অন্তৰ্গত পানপুৰ বনাঞ্চলৰ ভিতৰত জীৱ জন্তু, শীতৰ আগমনৰ লগে লগে বিল জলাশয়ত আশ্ৰয় লোৱা দেশী বিদেশী চৰাই তথা প্ৰাকৃতিক সৌন্দৰ্য পৰ্যটকে স্বচক্ষে উপভোগ কৰিবৰ বাবে বনবিভাগে হাতী চাফাৰিৰ ব্যৱস্থা কৰাৰো যো-জা কৰিছে বুলি জানিব দিছে বিশ্বনাথ বন্যপ্ৰানী সংমণ্ডলৰ বন প্ৰাধিকাৰী বিষয়া মুকুট চন্দ্ৰ দাসে ৷ ইতিমধ্যে বনবিভাগৰ লোকসকলেও জীপ চাফাৰি কৰিবলৈ অহা লোকসকলক আদৰিবৰ বাবে চেষ্টাৰ কোনো ক্ৰুটি নকৰা দেখা পোৱা গৈছে ৷ ইয়াৰোপৰি ঘিলাধাৰীনদীৰ সংগমস্থল পানপুৰঘাটৰ পৰা কাজিৰঙা ষষ্ঠ সংযোজনৰ ভিতৰলৈ প্ৰৱেশ কৰাৰ বাবে ২ শ মিটাৰ নদীখনৰ পানীৰ ওপৰেৰে নৌকা বিহাৰ কৰিব লগীয়া সময়খিনিৰ লগতে পৰ্যটকসকলক নৌকা বিহাৰ কৰাবৰ বাবে নাঁৱৰীয়াসকলে কৰা অপেক্ষাইও পৰ্যটকৰ দলৰ ভ্ৰমণ বুৰঞ্জীত অন্য এক মাত্ৰা প্ৰদান কৰা পৰিলক্ষিত হৈছে ৷ যাৰবাবে ঐতিহাসিক পানপুৰঘাট এতিয়া হৈ পৰিছে ব্যস্ত কেৱল ব্যস্ত এডোখৰ পৰ্যটনস্থলী ৷ ইতিমধ্যে বনাঞ্চলখনৰ ভিতৰত হাতী, গড়, নল গাহৰী, বাঘৰ খোজ, পৰিভ্ৰমী চৰাই আদি প্ৰত্যক্ষ কৰিছে ভিন্ন প্ৰান্তৰপৰা অহা পৰ্যটকৰ দলে ৷ উল্লেখ্য যে বিগত মাহৰ ২১ তাৰিখে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰৰ উপস্থিতিত চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই আনুষ্ঠানিকভাৱে পৰ্যটকৰ বাবে পানপুৰ বনাঞ্চলক মুকলি কৰি দিয়াৰ লগতে পৰ্যটকৰ বাবে জীপ চাফাৰিৰ শুভ উদ্ধোধন কৰিছিল ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- বিচ্ছেদ হ’ব নেকি? ইনষ্টাগ্ৰামৰ পৰা বিয়াৰ ফটো ডিলিট কৰিলে ৰনবীৰ সিঙে…
- ভাৰতীয় শ্বেয়াৰ বজাৰৰ আৰম্ভণিত চেন্সেক্সে সামান্য বৃদ্ধিৰে মুকলি নিফটিত হ্ৰাস…
- কিমান বয়সৰ পৰা ছালৰ যত্ন ল’ব লাগে? ছালৰ যত্নৰ সঠিক বয়স জানি লওক…
- থেলাছেমিয়া ৰোগৰ বিষয়ে জনসাধাৰণক সজাগ আৰু সতৰ্ক কৰাৰ উদ্দেশ্যে আজি সমগ্ৰ বিশ্বতে থেলাছেমিয়া দিৱস উদযাপন…
- চিলাপথাৰত হাজং সকলৰ হঙৰানী উৎসৱৰ সামৰণি ! নিজা কৃষ্টি সংস্কৃতিৰ প্ৰসাৰ আৰু চৰ্চাৰ আহ্বান…
- অনন্যাৰ সৈতে ব্ৰেকআপ আদিত্য ৰয় কাপুৰৰ! ছাৰা আলী খানৰ সৈতে পাৰ্টিত ব্যস্ত, ফটো ভাইৰেল…
- আফগানিস্তানৰ বাদাখশ্বানৰ দাৰাইম জিলাত তালিবানৰ বিৰুদ্ধে প্ৰতিবাদ ! প্ৰতিবাদকাৰীক দমন কৰিবলৈ গুলীবৰ্ষণ তালিবানৰ…
- উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত বিসংগতি ! পৰীক্ষা নিদিয়া বিষয়তো নম্বৰ লাভ শিক্ষাৰ্থীৰ…
- বেয়া নহয়, ভাল অভ্যাস! যদিহে চাহৰ সৈতে এই সমূহ বস্তু মিহলাই খাই…
- উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ প্ৰতিগৰাকী শিক্ষাৰ্থীলৈ শুভেচ্ছা জ্ঞাপন মুখ্যমন্ত্ৰীৰ…