ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ বুকুত উদ্ধাৰ এগৰাকী ছাত্ৰৰ মৃতদেহ। উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ্থী আছিল ছাত্ৰজন।
সোমবাৰৰ পৰা সন্ধানহীন হৈ আছিল ছাত্ৰজন। ছাত্ৰজন ধুবুৰী চহৰৰ ছয় নম্বৰ ৱাৰ্ডৰ লোন অফিচ লেনৰ বাসিন্দা তথা শিক্ষক অৰ্ণৱ ৰায়ৰ পুত্ৰ অঙ্কুশ ৰায় ওৰফে কৃশ। ধুবুৰীৰ শিশু পাঠশালা উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ আছিল অঙ্কুশ ৰায়।

মেধা সম্পন্ন ছাত্ৰ অঙ্কুশ ৰায়ৰ সৰুৰে পৰা সাঁতোৰ শিকাৰ ইচ্ছা আছিল। সাঁতোৰ শিকাৰ বাবেই সোমবাৰে পুৱাৰ ভাগত ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ ঘাটলৈ যোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ।
-দেৱান জাহাঙ্গীৰ আলম, ধুবুৰী

