বনাঞ্চল ধ্বংস কৰি চাহ বাগিচা স্থাপন কৰাৰ ফলত বন্যহস্তীৰ লগতে বিভিন্ন বন্যপ্ৰাণীৰ বিচৰণ ভূমি আৰু খাদ্য হ্ৰাস পাইছে। সেয়ে চাহ বাগিচাৰ মালিক গোষ্ঠীয়ে বাগিচাৰ মাজত হাতীৰ খাদ্যৰ বাবে গছ ৰোপণ কৰিবলৈ আছুতীয়া ভূমিৰ ব্যৱস্থা কৰিলেহে ভূটান সীমান্তৱৰ্তী অঞ্চলত বন্যহস্তীৰ উপদ্ৰৱ কিছু কমিব। এই আহ্বান অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ। ভেৰগাঁৱৰ ৰঙাজুলিত অনুষ্ঠিত সদৌ বড়োলেণ্ড ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ অধীনৰ ভেৰগাঁও গোটৰ ৰূপালী জয়ন্তী সমাৰোহৰ মঙলবাৰে অন্তিম দিনা অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি অধ্যক্ষ দৈমাৰীয়ে এইদৰে কয়।
তেওঁ লগতে ক্ষুদ্ৰ চাহ খেতিয়কসকলে ৰাজ্যৰ অৰ্থনীতিৰ উন্নয়নত উল্লেখনীয় বৰঙণি যোগাই অহা বুলিও ভাষণত কয়। দৈমাৰীয়ে ভেৰগাঁৱৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে অবগত কৰোৱা সমস্যাবোৰ পৰ্যায়ক্ৰমে সমাধানৰ আশ্বাস দিয়াৰ লগতে ৰঙাজুলিত এখন বিজ্ঞান আৰু কমাৰ্চ পাঠ্যক্ৰমৰ চৰকাৰী মহাবিদ্যালয় স্থাপনৰ কাম আগবাঢ়ি থকা বুলি প্ৰকাশ কৰে। তেওঁ পানেৰী সমষ্টিৰ ডিমাকুছি, ভেৰগাঁও, খাগ্ৰাবাৰী আৰু টংলাত অচিৰেই ৰূপায়ণ কৰিবলগীয়া বিভিন্ন আঁচনিৰ সম্পৰ্কেও ভাষণত সদৰী কৰে।
আনহাতে সভাত নিৰ্দিষ্ট বক্তাৰ ভাষণত সদৌ বড়োলেণ্ড ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সভাপতি ৰবিৰাম বড়োৱে চাহ খেতিৰ সৈতে জড়িত আধুনিক প্ৰযুক্তি, চাহৰ বজাৰ আদিৰ বিষয়ে বিস্তাৰিতভাবে উল্লেখ কৰে। বড়োৱে একাংশ চাহ খেতিয়ক তথা ঔষধ ব্যৱসায়ীয়ে কেইবাবিধো নিষিদ্ধ ৰাসায়নিক কীট নাশক, জীৱানুনাশক আদি চাহ খেতিত প্ৰয়োগৰ বাবে গোপনে ক্ৰয়- বিক্ৰয় কৰি থকা কাৰ্যত গভীৰ উদ্বেগ প্ৰকাশ কৰে। তেওঁ মানুহকে ধৰি সমস্ত প্ৰাণীকুলৰো স্বাস্থ্যৰ বাবে হানিকাৰক এনে ৰাসায়নিক দ্ৰব্য সমূহ চাহখেতিত প্ৰয়োগ বন্ধ কৰাৰ ক্ষেত্ৰত তীক্ষ্ণ দৃষ্টি দিবলৈ চৰকাৰী – বেচৰকাৰী সকলো পক্ষকে আহ্বান জনায়।
অনাগত দিনবোৰত ক্ষুদ্ৰ চাহ উদ্যোগীসকলে তীব্ৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ সাজু হৈ থাকিবলৈ তেখেতে আহবান জনায়। সদৌ বড়োলেণ্ড ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ ভেৰগাঁও গোটৰ প্ৰাক্তন সভাপতি ৰমাকান্ত বড়াই উদ্বোধন কৰা সভাখনৰ মাজতে ৰূপালী জয়ন্তী উপলক্ষ্যে প্ৰকাশ কৰি উলিওৱা দিবাকৰ বড়া সম্পাদিত স্মৃতিগ্ৰন্থ উন্মোচন কৰে ওদালগুৰি জিলা সাহিত্য সভাৰ সভাপতি গৌৰী শংকৰ দাসে।
ৰূপালী জয়ন্তী উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি চৰণ দৈমাৰীয়ে সঞ্চালনা কৰা সভাখনৰ আঁতধৰে ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ ভেৰগাঁও গোটৰ সম্পাদক দিবাকৰ বড়াই। সভাত ৰাজ্যিক বি জে পিৰ এছ টি মৰ্চাৰ সম্পাদিকা পিংকী বসুমতাৰী, ওদালগুৰি জিলা বিজেপিৰ সম্পাদক জৌস্ৰাং বড়ো, প্ৰতিষ্ঠিত ক্ষুদ্ৰ চাহ খেতিয়ক ডেভিদচন দৈমাৰী, ভেৰগাঁও চাহ বাগিচাৰ পৰিচালক নৱ প্ৰকাশ বৰা, সন্থাৰ ডিমাকুছি মণ্ডলৰ উপদেষ্টা কৃষ্ণ বসুমতাৰী, সুৰেণ বড়ো, শৈলেন দাস, অধ্যক্ষ কেশৱ শৰ্মা, সভাপতি গৌতম শৰ্মা, সম্পাদক মণিৰাম বড়ো, নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি নৃপেন খাণ্ডা, শুক্লাই আই টি আইৰ অধীক্ষক ড° দীজু কুমাৰ বড়ো, এবছু নেতা নগেন বড়ো, আছা নেতা ভূবন তাঁতী, জাৰ্মানী গবেষক পৰ্যটকদ্বয় মেৰী পিটাৰচন আৰু টি পিটাৰচনসহ ভালেসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে।
মুকলি সভাৰ পূৰ্বে অনুষ্ঠিত সম্বৰ্দ্ধনা অনুষ্ঠানত ভেৰগাঁও চাহ খেতিয়ক সন্থাৰ প্ৰয়াত প্ৰাক্তন সভাপতিদ্বয় কমলা কান্ত বড়া, কিৰিটী কুণ্ডল ডেকাক মৰোণোত্তৰ ভাৱে সম্বৰ্দ্ধনা জনোৱাৰ লগতে বিষয়ববীয়া শান্তিৰাম ডেকা, ধৰ্ম কান্ত ৰাভা, সঞ্জীৱ ৰাভা, ধ্ৰুৱজ্যোতি বড়ো, দিবাকৰ বড়া, ৰমাকান্ত বড়া আৰু নৱকান্ত বড়োকো সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয় । সভাত কেইবাটাও নৃত্যৰ দলে নৃত্য পৰিৱেশন কৰি ৰাইজক আপ্লুত কৰে। ভেৰগাঁৱৰ ৰঙাজুলিত সদৌ বড়োলেণ্ড ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ অধীনৰ ভেৰগাঁও গোটৰ ২৪ আৰু ২৫ ফেব্ৰুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে উলহ মালহেৰে আয়োজিত ৰূপালী জয়ন্তী সমাৰোহৰ অন্তিম দিনা ২৫ ফেব্ৰুৱাৰীৰ পুৱা গছ পুলি ৰোপন কাৰ্যসূচী ৰূপায়ণ কৰাৰ উপৰি কালি সদৌ বড়োলেণ্ড ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ ২৫ খন পতাকা উত্তোলন কৰা হয়। সন্থাৰ পতাকা ভেৰগাঁও গোটৰ সভাপতি নৱকান্ত বড়োৰ লগতে আন ২৪ গৰাকী স্থানীয় বিশিষ্ট ব্যক্তিয়ে উত্তোলন কৰাৰ লগতে ৰূপালী জয়ন্তীৰ পতাকা উদযাপন সমিতিৰ সভাপতি ধৰ্মকান্ত ৰাভাই উত্তোলন কৰে।

স্মৃতি তৰ্পন কৰে ৰূপালী জয়ন্তী উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি চৰণ দৈমাৰীয়ে। ইয়াৰ পিচত অনুষ্ঠিত লক্ষ্যভেদ খেল উদ্বোধন কৰে আদৰ্শ মীন পালক ধৰ্মেশ্বৰ ৰাভাই। ইয়াৰ পিচত সদৌ বড়োলেণ্ড ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ ডিমাকুছি মণ্ডলৰ সম্পাদক মণিৰাম বড়োৱে উদ্বোধন কৰা কৃষি কৰ্মশালাত সমল ব্যক্তি হিচাপে ডিমাকুছি কৃষি মহকুমাৰ কৃষি উন্নয়ন বিষয়া নীহাৰিকা দত্ত, ভাৰতীয় ষ্টেট বেংকৰ ভেৰগাঁও শাখাৰ প্ৰবন্ধক অশোক বসুমতাৰী আৰু বিশিষ্ট চাহ খেতিয়ক জয়ন্ত বড়োৱে অংশগ্ৰহণ কৰে। আবেলি গীত- মাতৰ অনুষ্ঠান মুকলি কৰে অনাতাঁৰ নাট্যকাৰ পুলিন তালুকদাৰে। সন্ধিয়া বন্তি প্ৰজ্বলন কৰে ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ ভেৰগাঁও গোটৰ প্ৰাক্তন সভাপতি শান্তিৰাম ডেকাই।

