অসমৰ এগৰাকী প্ৰতিভাশালী গায়ক,সংগীতকাৰ,আবৃত্তিকাৰ ভাস্কৰজ্যোতি আচাৰ্য্যৰ দীৰ্ঘদিনীয়া প্ৰচেষ্টা আৰু সাধনাৰ ফচল সাতোটি গীতৰ এক বিশেষ এলবাম ‘অকনি আকাশ’ মুকলি কৰা হয় গুৱাহাটী প্ৰেছ ক্লাৱত। এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত ‘অকনি আকাশ’ এলবামটিৰ লগতে শীৰ্ষগীতটিৰ ভিডিঅ’ মুকলি কৰা হয়। গীতটিৰ ভিডিঅ’ত অভিনয় কৰে ভাস্কৰজ্যোতি আচাৰ্য্য আৰু তন্বিতা ভৰদ্বাজে। এই অনুষ্ঠানত উন্মোচক হিচাপে উপস্থিত থাকে অসমৰ এগৰাকী গুণী সংগীতগুৰু ড° ৰাণু বৈশ্যই। তদুপৰি বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ইৰ্শ্বাদ আলী, আকাশবাণী গুৱাহাটীৰ পৰিচিত কণ্ঠ অৱনী বৰা তথা সংগীত পৰিচালক,ব্যৱস্থাপক ৰূপম তালুকদাৰ।

পাৰ্পল ক্লাউডছৰ বেনাৰত সাজু কৰি তোলা এলবামটোত গীতসমুহৰ কথা,সুৰ আৰু কণ্ঠ ভাস্কৰজ্যোতি আচাৰ্য্যৰ। তদুপৰি এটি বাংলা গীতৰ সুৰ আৰু ব্যৱস্থাপনা ৰূপম তালুকদাৰৰ।মেঘনা চৌধুৰীয়ে আঁত ধৰা অনুষ্ঠানটোত উপস্থিত থাকে অসমৰ সংগীত,সাহিত্য আৰু অভিনয় জগতৰ বহুকেইজন গুণী লোক।

