গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপৰ উদ্যোগত অসম কৃষি বিশ্ববিদ্যালয়ৰ গ্ৰাম্য উদ্যান শস্যৰ কৰ্ম অভিজ্ঞতা কাৰ্যক্ৰম – ২০২৪ (RHWEP – 24) অনুসৰি উদ্যান বিজ্ঞান আৰু কৃষি পদ্ধতি গৱেষণা মহাবিদ্যালয়ৰ চতুৰ্থ বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলে ২৮ ফেব্ৰুৱাৰীত কামৰূপ জিলাৰ হাজোৰ সমীপৰ ৩ নং কুলহাটী প্ৰথামিক বিদ্যালয়ত এক কৃষি প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয় । ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত শিবিৰত কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপৰ উদ্যান শস্য বিশেষজ্ঞা ডঃ দৰদী প্ৰিয়ম দুৱৰা, ভূমি বিজ্ঞান বিশেষজ্ঞ ডঃ ঋতুপৰ্ণ শইকীয়া আৰু কম্পিউটাৰ বিশেষজ্ঞ ৰাহুল ভৰদ্বাজ আৰু বিদ্যালখনৰ প্ৰধান শিক্ষক প্ৰমোদ চন্দ্ৰ মালাকাৰ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে।

শিবিৰত বিদ্যালয়ৰ চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত গ্ৰাম্য উদ্যান শস্যৰ কৰ্ম অভিজ্ঞতা কাৰ্যক্ৰমৰ ছাত্ৰ-ছাত্ৰী সকলে এক কৃষি বিজ্ঞান বিষয়ক এক কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰে। শিবিৰত বিষয়বস্তু বিশেষজ্ঞ ডঃ ঋতুপৰ্ণ শইকীয়াই কৃষিভিত্তিক ড্ৰ’নৰ প্রযুক্তি পদ্ধতি প্ৰদৰ্শন কৰে। শিবিৰত মহকুমা কৃষি বিষয়া গিৰীন্দ্ৰনাথ শৰ্মা, কৃষি বিষয়া জাকিৰ হুচেইন ,কৃষি বিজ্ঞান কেন্দ্রৰ পথাৰ শস্য বিশেষজ্ঞা ৰিজু হেলিমকে ধৰি কেবাজনো বিশেষজ্ঞ আৰুগ্ৰাম্য উদ্যান শস্যৰ কৰ্ম অভিজ্ঞতা কাৰ্যক্ৰমৰ ছাত্র ছাত্রীৰ উপস্থিতিত কনা দিয়া গাৱঁৰ খেতিয়কসকলৰ মাজত ৱেবকাস্টিং কাৰ্যসূচী সম্পন্ন কৰা হয়।

