লাহৰিঘাটৰ ঔতলাবড়ীত সংঘটিত হৈছে অমানৱীয় ঘটনা!

লাহৰীঘাটৰ ঔতলাবড়ীত সংঘটিত হৈছে এক জঘন্য ঘটনা, ৰাস্তাৰে খোজকাঢ়ি যোৱাৰ বাবেই স্বামী-স্ত্ৰীৰ ওপৰত ভয়ংকৰ দলবদ্ধ আক্ৰমণ। ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি। ঘটনাস্থলীত উপস্থিত আৰক্ষী দল। চেপা উত্তেজনা অব্যাহত। মৰিগাঁও জিলাৰ লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত ঔতলাবড়ীত গাঁৱত সংঘটিত হয় এক জঘন্য বৰ্বৰ, অমানৱীয় ঘটনা। ৰাস্তাৰে খোজকাঢ়ি যোৱাক লৈ স্বামী-স্ত্ৰীৰ ওপৰত দলবদ্ধ আক্ৰমণ। বদৰ উদ্দিন, মমেদা খাতুনৰ লগতে তেওঁৰ পৰিয়ালৰ সদস্যৰ দলবদ্ধ আক্ৰমণত গুৰুতৰভাৱে আহত ফজিলা খাতুন,তছলীমা খাতুন,আৰু জহিৰুল ইছলাম।

উল্লেখ্য যে লোক কেইজনৰ হাত-ভৰি বান্ধি চকুত জলকীয়াৰ গুৰিহানি বাটামেৰে মৰিয়াই,মৰিয়াই এই বৰ্বৰ অত্যাচাৰ চলাই। দীৰ্ঘদিন ধৰি এই পৰিয়ালটোৱে গাঁৱত সন্ত্ৰাসৰ সৃষ্টি কৰি ৰাইজৰ ওপৰত শাৰীৰিক মানসিক হাৰাশাস্তি চলাই অহাৰ অভিযোগ স্থানীয় ৰাইজৰ। ঘটনাস্থলীত লাহৰীঘাট আৰক্ষীৰ দুখনকৈ গাড়ী উপস্থিত হৈ গুৰুতৰভাৱে আহত লোক কেইজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে। ঘটনাটোৰে জড়িত দুগৰাকী মহিলাক আটক কৰি ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীৰ সঠিক তদন্তত হে ঘটনাৰ প্ৰকৃত কাৰণ পোহৰলৈ আহিব!

Related Articles