বিলাসীপাৰাত চোৰৰ সন্ত্ৰাস! আটক এজনক…

দীৰ্ঘদিনৰে পৰা বিলাসীপাৰাত সন্ত্ৰাস চলাই অহা বেটাৰী চোৰক আটক। বিলাসীপাৰা বিভিন্ন অঞ্চলৰ পৰা ই-ৰিক্সা আৰু ই-ৰিক্সাৰ বেটাৰী চুৰি কৰি চোৰে চলাই আহিছে সন্ত্ৰাস। বৃহস্পতিবাৰে নিশাৰ ভাগত বিলাসীপাৰাৰ উদমাৰীত চোৰে এখন ই-ৰিক্সাৰ বেটাৰী চুৰি কৰি থকা অৱস্থাত ৰাইজে হাতে লোটে ধৰে চোৰটোক। পিছত চোৰটোক ৰাইজে লক্ষীগঞ্জ আৰক্ষীক চমজাই দিয়ে। ৰাইজে এটা চোৰক ধৰে যদিও আন এটা চোৰ পলাই যায়।


ধৃতচোৰ জন শিৱৰ-দাব্ৰি ইছলাম পুৰৰ জহৰ আলীৰ পুত্ৰ মহিনুৰ আলী বুলি জানিব পৰা গৈছে। বৰ্তমান চোৰটোক লক্ষীগঞ্জ আৰক্ষী চকীত সোধা পোছা কৰি থকা হৈছে।

Related Articles