আপুনি এটা মূলাৰ ওজন কিমানলৈকে হোৱা দেখিছে। ১০০ গ্ৰাম, ২০০গ্ৰাম তাতোতকৈ অধিক হ’লে ৫০০গ্ৰাম । তাৰ ওপৰত চাগে নিশ্চয় দেখা নাই ? ৰ’ব আজি আমি দেখুৱাম এটা ১১ কেজি ওজনৰ এটা মূলা। আশ্চৰ্যকৰ, অবিশ্বাস্য, সাধু সাধু লাগিলেও এইয়াই সঁচা।
এই দৃশ্যটোত দেখা মূলাটোৰ ওজন ১১কেজি । কামপুৰৰ চাংচকী গাঁৱৰ গোবিন বৰা নামৰ কৃষক জনে ঘৰতে উৎপাদন কৰিছে এই ১১কেজি ওজনৰ মূলাটো। জানিব পৰা মতে ঘৰুৱা কৃষি পদ্ধতিৰে জৈৱিক সাৰ প্ৰয়োগ কৰি কৃষিকৰ্ম কৰে কৃষকজনে। ইয়াৰ উপৰিও ৬-৮ কেজিকৈ হোৱা প্ৰায় ১০০টা মূলা উৎপাদন কৰিছে জৈৱিক কৃষি পদ্ধতিৰেই। উল্লেখ্য যে গুৱাহাটী IIT কেন্দ্ৰই কামপুৰত অনুষ্ঠিত কৰা কৃষি প্ৰশিক্ষণ কেন্দ্ৰত প্ৰদৰ্শনী ৰূপে স্থান লাভ কৰে এই মূলাটোৱে ।

