ভোলানাথ মহাবিদ্যালয়ত নেচাৰ্ছ বেকনৰ জৈৱ বৈচিত্ৰ্য সজাগতা সভা…


ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ সহযোগত নেচাৰ্ছ বেকনৰ উদ্যোগত ৫ মাৰ্চ তাৰিখে মহাবিদ্যালয় প্ৰেক্ষাগৃহত ভাৰতৰ অমৃতকাল জৈৱ বৈচিত্ৰ্য সংৰক্ষণ চেতনা আৰু বিদ্যাৰ্থী জাগৰণ যাত্ৰাৰ অনুষ্ঠান দিনৰ ১২ বজাৰ পৰা অনুষ্ঠিত হয়। অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক তথা অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড.উপেন্দ্ৰজিৎ শৰ্মাই আঁতধৰা অনুষ্ঠানটোৰ আৰম্ভণিতে ভোলানাথ মহাবিদ্যালয়ৰ জৈৱ বৈচিত্ৰ্যৰ ওপৰত নিৰ্মাণ কৰা এখনি তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হয়। তথ্য চিত্ৰখনক ভূঁয়সী প্ৰশংসা কৰি নেচাৰ্ছ বেকনৰ তৰফৰপৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড.ধ্ৰুৱ চক্ৰৱৰ্তীক সম্বৰ্দ্ধনা জ্ঞাপন কৰে। ইয়াৰ পিছতে অনুষ্ঠানত উপস্থিত থকা নেচাৰ্ছ বেকনৰ সঞ্চালক অসম চৰকাৰৰ অসম গৌৰৱ সন্মান প্ৰাপক বিশিষ্ট প্ৰকৃতিবিদ তথা সাহিত্যিক সৌম্যদ্বীপ দত্তক মহাবিদ্যালয়ৰ তৰফৰ পৰা বিশেষ সম্বধৰ্না জনোৱা হয়। অনুষ্ঠানৰ আদৰণী ভাষণ প্ৰদান কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড.ধ্ৰুৱ চক্ৰৱৰ্তীয়ে।

ভাষণ প্ৰসংগত ড.চক্ৰৱৰ্তীয়ে জৈৱ বৈচিত্ৰ্যৰ প্ৰয়োজনীয়তা সম্পৰ্কে আৰু নেচাৰ্ছ বেকনৰ লগত থকা সম্পৰ্কৰ বিষয়ে কয়। অনুষ্ঠানৰ আৰম্ভণিতে ড.উপেন্দ্ৰজিৎ শৰ্মাই কয় যে ৱসুধৈৱ কুটুম্বকম্ কথাষাৰৰ মাজত আমাৰ জৈৱ বৈচিত্ৰ্যৰ সকলো কথা নিহিত হৈ আছে। আমি এই জগতখনৰ প্ৰত্যেকেই প্ৰত্যেকক সংৰক্ষণ কৰিব লাগিব।সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে নেচাৰ্ছ বেকনৰ সঞ্চালক অসম গৌৰৱ সৌম্যদ্বীপ দত্তই।ভাষণ প্ৰসংগত জৈৱ বৈচিত্ৰ্যৰ অধ্যয়নৰ প্ৰাসংগিকতা আৰু নতুন প্ৰজন্মৰ দায়িত্ব সম্পৰ্কে ব্যাখ্যা কৰে।আমাক অৰ্থ আহৰণ, অৰ্থ লোভে ৰক্ষা কৰিব নোৱাৰে। আমি আমাৰ জৈৱ বৈচিত্ৰ্য আৰু সংৰক্ষণৰ সম্পৰ্কে সজাগ হ’ব লাগিব। সেয়েহে নতুন প্ৰজন্মক জাগৰণৰ উদ্দেশ্যে ভাৰতৰ অমৃতকালত আমি ধুবুৰীৰ পৰা শদিয়ালৈ এই যাত্ৰা আৰম্ভ কৰিলোঁ। এই যাত্ৰাৰ সামৰণি পৰিব ৫ জুন তাৰিখে বিশ্ব পৰিবেশ দিৱস পালনেৰে শদিয়াৰ প্ৰকৃতিৰ পৰিবেশত।

নেচাৰ্ছ বেকনৰ সঞ্চালক গৰাকীয়ে উপস্থিত ৰাইজক প্ৰকৃতিৰ সংৰক্ষণ আৰু সজাগতাৰ অৰ্থে শপত বাক্য পাঠ কৰোৱায়।এই অনুষ্ঠানত নেচাৰ্ছ বেকনৰ দ্বাৰা প্ৰকাশ কৰা প্ৰকৃতিৰ সংৰক্ষণ আৰু সজাগতাৰ বাবে প্ৰকাশ কৰা পুস্তিকা এখন উন্মোচন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড.ধ্ৰুৱ চক্ৰৱৰ্তীয়ে।সমল ব্যক্তি ড.জয়দ্বীপ শীলে প্ৰকৃতিৰ সংৰক্ষণ আৰু সজাগতাৰ ওপৰত এক তথ্য সমৃদ্ধ বক্তব্য প্ৰদান কৰে। নেচাৰ্ছ বেকনৰ প্ৰতিষ্ঠাপক সদস্য তথা ধুবুৰী প্ৰেছ ক্লাবৰ সভাপতি বিজয় শৰ্মাই বিশেষ ভাষণ প্ৰদান কৰে। অনুষ্ঠানটোত চিলাৰায় মহাবিদ্যালয়ৰ অধ্যক্ষ ড.ভাৰত ভূষণ মহান্তি, প্ৰমথেশ বৰুৱা মহাবিদ্যালয়ৰ ড.কল্যাণ দাস, ভোলানাথ মহাবিদ্যালয়ৰ উপাধ্যক্ষ ৰীতা বৰা সমন্বিতে মহাবিদ্যালয়ৰ অধ্যাপক -অধ্যাপিকাবৃন্দ,আন আন মহাবিদ্যালয়ৰ অধ্যাপক -অধ্যাপিকাবৃন্দ , ছাত্ৰ -ছাত্ৰীসকলে অংশগ্ৰহণ কৰে। শলাগৰ শৰাই প্ৰদান কৰে ড.উপেন্দ্ৰজিৎ শৰ্মাই ।জাতীয় সংগীত পৰিবেশনেৰে ধুবুৰীৰ পৰা শদিয়ালৈ আৰম্ভ কৰা জৈৱ বৈচিত্ৰ্যৰ জাতীয় জাগৰণৰ উদ্বোধনী অনুষ্ঠানটোৰ সামৰণি পৰে।

আশৰাফুল আলম, ধুবুৰী

Related Articles