অসম আৰক্ষীৰ কহৰাস্থিত অতিথিশালা আৰু গোলাঘাটৰ তদানিন্তন আৰক্ষী অধীক্ষক মানবেন্দ্ৰ দেৱ ৰায়…

ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান৷ অসম গৌৰৱ বিশ্ব বিখ্যাত এশিঙীয়া গঁড়, বাঘ, হাতী, বনৰীয়া ম’হ, হৰিণ আদিৰ লগতে বিভিন্ন প্ৰজাতিৰ চৰাই-চিৰিকতি, গছ-গছনি, ফুলে-ফলে জাতিস্কাৰ প্ৰকৃতিৰ এই ৰম্যভূমিয়ে হাত বাউল দি মাতে অগণন দেশী তথা বিদেশী পৰ্যটকক৷ অসমৰ নাম বিশ্ব দৰবাৰত সুউজ্জ্বল কৰি ৰখা এই ঐতিহ্য ক্ষেত্ৰলৈ সুবিধা মিলিলেই চৰকাৰী বিভিন্ন কাৰ্যসূচীৰ আপাহতে দেশৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীকে ধৰি বিভিন্ন হাই প্ৰফাইল লোকৰ লগতে বহু চৰকাৰী উচ্চপদস্থ বিষয়াৰ আগমন ঘটে৷ বিদেশী ৰাষ্ট্ৰৰ জন প্ৰতিনিধিও আলহী হয় প্ৰকৃতিৰ এই বিনন্দীয়া সৃষ্টিৰ সৌন্দৰ্য সুধা উপভোগ কৰিবলৈ৷ কোৱা হয় যিকোনো সৰু-বৰ পদক্ষেপৰ আঁৰত লুকাই থাকে একো একোজন দূৰদৰ্শী, উদ্যমী আৰু অগ্ৰণী ব্যক্তিৰ চিন্তা প্ৰসূত পৰিকল্পনা৷ আনহাতে¸ তাৰ ফলপ্ৰসূ ৰূপায়ণত হাত উজান দিয়ে অনেক একে চিন্তাৰ ব্যক্তিয়ে৷ এনেদৰে সমূহৰ বদান্যতা আৰু সহযোগিতাত বহুতো অসাধ্য সাধন হয়৷ তেনে এক উদাহৰণ হৈছে কাজিৰঙাৰ কহৰাস্থিত অসম আৰক্ষীৰ সুপৰিকল্পিত অতিথিশালাটো৷ সেয়া ২০১৮ চনৰ কথা৷ হাই প্ৰফাইল অতিথিৰ আগমনেই হওক বা অন্যান্য ক্ষেত্ৰতেই হওক আইন-শৃংখলাজনিত পৰিস্থিতিৰ তদাৰক কৰা, পৰ্যালোচনা কৰা আদিৰ ক্ষেত্ৰত সুবিধা হোৱাকৈ কাজিৰঙাৰ আশে-পাশে থাউকতে পাব পৰা এটা চৰকাৰী নিৱাসৰ খুবেই প্ৰয়োজন৷ সেই সময়ছোৱাত গোলাঘাটৰ আৰক্ষী অধীক্ষক আছিল তথ্য আৰু জনসংযোগৰ বৰ্তমানৰ সঞ্চালক মানবেন্দ্ৰ দেৱ ৰায়৷ নিতৌ নতুন চিন্তাৰে উত্তৰণৰ দিশেৰে বাট বুলা এইগৰাকী বিষয়াই উল্লেখিত প্ৰয়োজন পূৰাবৰ কাৰণে আগবাঢ়ি আহিল আৰু মনত থিৰাং কৰিলে যে এনে এক অতিথিগৃহৰ সপোন বাস্তৱ কৰাৰ গুৰু দায়িত্ব তেৱেই ল’ব৷

চিন্তা মতেই কাম, পিছলৈ উভতি নোচোৱাকৈ তেওঁ চিন্তাৰ কৰ্ষণ আৰম্ভ কৰিলে- কেনেদৰে এই পৰিকল্পনা বাস্তৱায়িত কৰা হ’ব৷ প্ৰথমে আহিল এটুকুৰা ভূমিৰ কথা৷ আনন্দৰ বতৰা যে তেওঁৰ পূৰ্বৰ আৰক্ষী অধীক্ষক পি পি সিঙে ইতিমধ্যে হাতীখুলি চাহবাগানৰ ওচৰত ৭ কঠাৰ চৰকাৰী ভূমি এডোখৰৰ আবণ্টন লৈ থৈছিল৷ পিছলৈ এই সুদৃশ্যমান অতিথিশালাৰ বাবে হাতীখুলি চাহ বাগান কৰ্তৃপক্ষইও কিছু ভূমি এৰি দিলে৷ এইক্ষেত্ৰত সহায় কৰিলে অসম আৰক্ষীৰ বৰ্তমানৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙে৷ তাৰ পিছত আহিল পুঁজিৰ চিন্তা৷ মনে বিচৰা আৰু পৰিস্থিতিৰ লগত খাপ খোৱাকৈ এটি অত্যাধুনিক অতিথিশালা নিৰ্মাণ কৰিবলৈ প্ৰয়োজন এক বৃহৎ পুঁজিৰ৷ পিছে যিকোনো কাম সম্পন্ন কৰাৰ প্ৰথম চৰ্ত হ’ল একান্ত ইচ্ছা৷ আৰু ৰায় ডাঙৰীয়া আছিল এইক্ষেত্ৰত স্থিতপ্ৰজ্ঞ৷ চৰকাৰী পুঁজিৰ উপৰি তেওঁ এন আৰ এল, অ’ এন জি চি আদিৰ পৰা সামাজিক দায়বদ্ধতা পুঁজিৰ অধীনত পুঁজি গ্ৰহণ কৰি গোলাঘাট আৰক্ষীৰ নিৰন্তৰ শ্ৰম, আৰ্থিক অনুদান আৰু স্থানীয় ৰাইজৰ সহযোগত গোলাঘাটত থকা কাৰ্যকালতে মানবেন্দ্ৰ দেৱ ৰায়ে সম্পূৰ্ণ কৰি তুলিলে এই আটকধুনীয়া অতিথিশালাটো৷ অন্যান্য চৰকাৰী দায়িত্ব সুচাৰুৰূপে সম্পন্ন কৰিও গোলাঘাটৰ পৰা ৭৫ কিলোমিটাৰ নিলগত থকা কহৰালৈ দিনে দুবাৰকৈ অহা-যোৱা কৰিবলৈ কোনো হেলা নকৰি তেওঁ ৬ মাহৰ ভিতৰত এই অতিথিশালাৰ নিৰ্মাণ সম্পূৰ্ণ কৰিছিল৷ ইয়াত লুকাই আছিল তেওঁৰ একান্ত আন্তৰিক প্ৰচেষ্টা, সদিচ্চা আৰু দহৰ বাবে কষ্ট স্বীকাৰ কৰাৰ দৃঢ় মানসিকতা৷ যান্ত্ৰিকতাৰ পৰা দূৰৈত এই বিনন্দীয়া পৰিৱেশত কিছুসময় কটালেও যেন ক্লান্তি দূৰ হয় আৰু সতেজ হৈ পৰে মন-প্ৰাণ৷ সেয়াই হয়তো কাৰণ দেশৰ দুগৰাকীকৈ মাননীয় ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু দৌপদী মুৰ্মুৰ উপৰি ন্যায়পালিকাৰ শীৰ্ষত অধিষ্ঠিত উচ্ছতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশকে ধৰি বহু শীৰ্ষ আমোলা-বিষয়াইও প্ৰশান্তিৰে এই অতিথিশালাত নৈশ যাপন কৰি কাজিৰঙাৰ সৌন্দৰ্যসুধা উপভোগ কৰি গৈছে৷

ভাৰতৰ বৰ্তমানৰ মাননীয় উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়েও ক্ষন্তেকৰ বাবে জিৰণি লৈছিল এই অতিথিশালাত৷ প্ৰকৃতিৰ নান্দনিক পৰিৱেশত অত্যাধুনিক সা-সুবিধাৰে নিৰ্মাণ কৰি উলিওৱা আৰু ৰাজ্যিক অতিথিশালাৰ পৰ্যায়লৈ উন্নীত এই ভৱনটিতেই এতিয়া দৃষ্টি নিৱন্ধ হৈছে সকলোৰে৷ কাৰণটো হ’ল সমাগত অসম ভ্ৰমণৰ সময়ছোৱাত দেশৰ কৰ্মদক্ষ আৰু দূৰদৰ্শী মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাবে ৰাতি থকাৰ দিহা কৰা হৈছে এই অতিথিশালাত৷ এই অতিথিশালাত এৰাতি কটাই কাজিৰঙাৰ নৈসৰ্গিক শোভা উপভোগ কৰিব প্ৰধানমন্ত্ৰীয়ে৷ এই খবৰে ৰাইজৰ লগতে বিশেষভাৱে আনন্দিত কৰিছে এগৰাকী ব্যক্তি–মানবেন্দ্ৰ দেৱ ৰায়ক৷ চাকৰিকালৰ সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলোৱা এই অতিথিশালা নিৰ্মাণ কাৰ্যৰ বাবে আজি অতি সন্তুষ্ট এইগৰাকী অত্যুৎসাহী বিষয়া৷ কষ্টৰ ফল সদায় মিঠা৷ হাতীখুলি চাহ বাগিচাৰ মাজত জিলিকি থকা সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু আৰক্ষী অতিথিশালাৰ সফলতাৰ বাতৰিয়ে বিষয়াগৰাকীৰ মনলৈ আনিছে অনাবিল প্ৰশান্তি। এয়া যেন সুকৰ্মৰ সুফল প্ৰাপ্তিৰ আনন্দ, যিয়ে অনাগত দিনত ধাৱিত কৰিব অধিক কল্যাণকামী পদক্ষেপৰ বাবে৷

Related Articles