অসমত এতিয়া টায়াৰ জ্বলাই আন্দোলন কৰা সময় নহয়, নতুন অসম গঢ়াৰ সময়-ভুৱন পেগু
চিলাপথাৰত অসম চৰকাৰৰ “বিকাশ যাত্ৰা” কাৰ্যসূচী,কেবাখনো কোটি টকীয়া আঁচনি মুকলি-আধাৰশিলা স্থাপন প্ৰদান-ভূৱনৰ
দেশৰ পাঁচ খন ৰাজ্যৰ ভিতৰতে অসমক অন্যতম ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে অসম চৰকাৰে গাঁঞে ভূঞেঁ আৰম্ভ কৰিছে ‘বিকাশ যাত্ৰা ‘ শীৰ্ষক কাৰ্যসূচী।ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত বিকাশ যাত্ৰা কাৰ্য্যসূচীৰ অংশস্বৰূপে আজি অসম চৰকাৰৰ লোক নিৰ্মাণ(গৃহ) বিভাগৰ অধীনত ৭ কোটি ব্যয়ৰে নিৰ্মাণ হ’ব লগা অকাজান জনজাতি বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ
আন্তঃগাঁথনি নিৰ্মাণ আৰু ৩ কোটি ৫০ লাখ টকা ব্যয়ৰে ফ্ৰন্টিয়াৰ ইউনাইটেড হাইস্কুলৰ গৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা আৰু জোনাইৰ বিধায়ক ভূৱন পেগুয়ে। ইয়াৰ পাছতে লোক নিৰ্মাণ(গৃহ) বিভাগৰ অধীনত ৩.৭২ কোটি টকা ব্যয়ৰে নিৰ্মাণ হ’বলগা চিলাপথাৰ কলেজৰ খেলপথাৰ, ১.৬৭ কোটি টকাৰে জোনাইত নিৰ্মান হ’বলগা আম্বেদকাৰ ভৱন,মুখ্যমন্ত্ৰীৰ পকী পথ নিৰ্মাণ আঁচনিৰ অধীনত ১.৪৩ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰিব লগীয়া ভাঙিদিয়াৰ পৰা বৰচাপৰি হৈ জুঙালি কাৰ্য্যালয় সংযোগী পথ, ২০২৩-২০২৪ বিত্তীয় বৰ্ষৰ ২.২৪ কোটি টকা পুঁজিৰে নিৰ্মাণ কৰিবলগীয়া চৌখামটিং চাৰিআলিৰ পৰা চিচিবৰগাঁও চাৰিআলি সংযোগী পথ,২০২৩-২০২৪ বিত্তীয় বৰ্ষৰ ১.৪৮ কোটি টকা পুঁজিৰে নিৰ্মাণ হ’বলগা বতোৱাৰ পৰা হালধিবাৰী সংযোগী পথৰ উপৰি কেবাৰঙ্গ বেলং চেকাইমুখৰ পৰা ২ নং নামঘৰীয়া পথ,কেবাৰঙ্গ বেলং গড়কাপ্তানি পথৰ পৰা

চেকাই মাজগাঁও পথ,শ্ৰীপাণিৰ পৰা নিলখ পথাৰ সংযোগী পথ,শান্তিপুৰ জেংৰাই পৰা ৰমায়াপুৰ দেউৰী গাওঁ সংযোগী পথ,বেতনিপাম চাৰিআলিৰ পৰা গাইনদী মঠাউৰি লৈকে সংযোগী পথ, গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজি আঁচনিৰ অধীনত নাবাৰ্দৰ ২০২১-২০২২ বিত্তীয় বৰ্ষৰ ১৮.৬৮ কোটি টকাৰ পুঁজিৰে নিৰ্মাণ কৰিবলগীয়া চিচিকলঘৰ পৰা দেউৰীঘাটলৈ মঠাউৰি নিৰ্মাণ, জোনাইত ১২ লাখ টকা পুঁজিৰে নিৰ্মাণ হ’বলগীয়া জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পৰীক্ষাগাৰ আঁচনি কেইখন আধাৰশিলা স্থাপন কৰে। ইয়াৰ উপৰি জল জীৱন আঁচনি কৈলাশপুৰ (১ কোটি ৩৪ লাখ), ধূনাগুৰি (১ কোটি ৬৬ লাখ),চিৰিপাণি আহোম পথাৰ (১কোটি ১৩ লাখ),ডাম্বুক কলাবাড়ী (৯৭ লাখ), আমগুৰী ডাম্বুক (১ কোটি ৭০ লাখ), নাহৰণি কুলি(৯৭ লাখ) কাৰেঙ গাওঁ (১ কোটি ১৭ লাখ) জল জীৱন আঁচনি শুভ উদ্বোধন কৰে সাংসদ আৰু বিধায়ক দ্বয়ে। আঁচনি উদ্ধোধন কৰি সাংসদ তথা লখিমপুৰ লোকসভা সমষ্টিৰ বিজেপিৰ
প্ৰক্ষেপিত প্ৰাৰ্থী প্ৰদান বৰুৱাই কয় চৰকাৰে গ্ৰহণ কৰা এনে অভিলাষী আঁচনিৰ জৰিয়তে জিলাখনৰ শিক্ষা জগতত এক আমুল পৰিবৰ্তন হ’ব বুলি কৈ বানবিধস্ত এলেকাসমূহত আৰু নতুনকৈ ৩০ খন পকী দলঙ নিৰ্মাণ কৰা হ’ব বুলি মন্তব্য কৰে সাংসদ প্ৰদান বৰুৱাই। ইফালে এতিয়া অসমৰ ৰাজপথত টায়াৰ জ্বলাই আন্দোলন কৰাৰ সময় নহয়, নতুন অসম গঢ়াৰ সময় বুলি মন্তব্য কৰে বিধায়ক ভুৱন পেগুয়ে। আঁচনি উদ্ধোধন আৰু আধাৰশিলা অনুষ্ঠানত ধেমাজি জিলা আয়ুক্ত অংকুৰ ভৰাঁলী, ধেমাজি জিলা বিজেপিৰ সভানেত্ৰী ৰূপা কামান, চিলাপথাৰ পৌৰসভাৰ সভানেত্ৰী লাৱন্য পাইত দলে, ধেমাজি জিলা পৰিষদৰ উপ-সভাপতি বন্তিবালা পেগু, এম এ চি ৰ ইএম জ’হান দলে, সাধাৰণ সদস্য কনক দলে, প্ৰতাপ চন্দ্ৰ টায়ে, জিলা উন্নয়ন আয়ুক্ত বিশ্বজিৎ ফুকনৰ লগতে জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰীৰ উপৰিও বিজেপিৰ বহু কৰ্মকৰ্তা উপস্থিত থাকে।

