কাহিলীপাৰা জ্যোতি চিত্ৰবনত আনুষ্ঠানিক ভাৱে ৰূপালিম নামেৰে এটি অত্যাধুনিক ক্ৰমা ষ্টুডিঅ’ আনুষ্ঠানিক ভাৱে মুকলি…

আজি কাহিলীপাৰা জ্যোতি চিত্ৰবনত আনুষ্ঠানিক ভাৱে ৰূপালিম নামেৰে এটি অত্যাধুনিক ক্ৰমা ষ্টুডিঅ’ আনুষ্ঠানিক ভাৱে মুকলি কৰা হয় ।ৰূপালিম নামেৰে আনুষ্ঠানিক ভাৱে মুকলি কৰা  এই  ক্ৰমা ষ্টুডিঅ’ টো আজি  জ্যোতি চিত্রবনৰ

অধ্যক্ষ শ্রী বিদ্যা সাগৰে শুভ উদ্বোধন কৰে।এই মুকলি অনুস্থানত আজি উপস্থিত থাকে জনপ্ৰিয় অভিনেত্ৰী মৃদুলা বৰুৱা,উপকূল বৰদলৈ,দীপক কুমাৰ দত্ত,অৰূপ বৰঠাকুৰ, নাহিদ আহমেদ,ধীৰাজ কাশ্যপৰ লগতে ছবিজগতৰ বহু কেইজন বিশিষ্ট শিল্পী উপস্থিত থাকে।জ্যোতি চিত্রবনৰ অধ্যক্ষ শ্রী বিদ্যা সাগৰে সাংবাদিকৰ আগত মত প্ৰকাশ কৰে

যে,অসমীয়া চলচ্চিত্ৰ জগতৰ কাৰনে  এটি ভাল খৱৰ ,জ্যোতি চিত্রবনৰ বহু দিনীয়া অভাৱ পূৰণ কৰি আজি এই অত্যাধুনিক ক্ৰমা ষ্টুডিঅ’ টোৰ আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা হয়। অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ যিসকল ছবি নিৰ্মাতা সকলোৰে বাবে সুখবৰ যে,বিশ্বৰ চলচ্চিত্ৰ বা ভাৰত বৰ্ষৰ বেলেগ ভাষাৰ চলচ্চিত্ৰ ছবিবিলাক যি দৰে

আগবাঢ়ি গৈছে ,সেই দৰে অসমীয়া ছবি জগতখনক  আগবঢ়াই নিয়াত এই ক্ৰমা ষ্টুডিঅ’ খনে যথেষ্ট সহায় আগবঢ়াব, কিয়নো বৰ্তমান বেছিভাগ ছবিয়ে ক্ৰমাত চুটিং কৰা হয়। গতিকে জ্যোতিচিত্ৰাবনত আনুষ্ঠানিক ভাৱে আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰিলো যে ইয়াত এটি ক্ৰমা নিৰ্মাণ কৰি উলিয়াম আৰু আজি তাৰ পৰিপেক্ষিতত ৰূপালিম নামেৰে এই অত্যাধুনিক ক্ৰমা ষ্টুডিঅ’ টি আনুষ্ঠানিক ভাৱে মুকলি কৰা হয়

Related Articles