আজিৰে পৰা খানাপাৰাস্থিত কৃষি সঞ্চালকালয়ৰ উদ্যোগত আৰু ৰাজ্যিক কৃষি ব্যৱস্থাপনা আৰু সম্প্ৰসাৰণ প্ৰশিক্ষণ প্ৰতিষ্ঠান (SAMETI)ৰ সহযোগত কৃষি উন্নয়ন বিষয়া আৰু জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়াসকলৰ বাবে পাঁচদিনীয়াকৈ প্ৰশিক্ষণ তথা দিগদৰ্শন কাৰ্যসূচী আয়োজিত কৰা হৈছে ৷ এই পাঁচদিনীয়া কাৰ্যসূচীত ৰাজ্যৰ প্ৰতিখন জিলাৰপৰা অহা প্ৰায় ৩৩৫ কৃষি উন্নয়ন বিষয়া আৰু জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়াই অংশগ্ৰহণ কৰিব৷ এই পাঁচদিনীয়া কাৰ্যসূচীত অংশ গ্ৰহণকাৰীসকলক কৃষি বিভাগৰ উদ্যোগত ৰাজ্যখনত ৰূপায়িত হৈ থকা বিভিন্ন কৃষি আঁচনিসমূহৰ বিষয়ে অৱগত কৰাৰ লগতে বীজ উৎপাদন প্ৰযুক্তি, শস্যৰ বীজ প্ৰমাণীকৰণ পদ্ধতি, সাৰৰ উপযুক্ত প্ৰয়োগ,ডিজিটেল ই-মাৰ্কেটিং আৰু কৃষিখণ্ডত জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ আৰু এই প্ৰত্যাহবানৰ সন্মুখীন হ’বপৰাকৈ ন-কৃষি পদ্ধতিৰ পৰিচালনা ইত্যাদি বিভিন্ন দিশৰ সন্দৰ্ভত প্ৰশিক্ষণ আগবঢ়োৱা হ’ব৷
কাৰ্যসূচীৰ প্ৰথম দিনটোত উপস্থিত থাকি কৃষি বিভাগৰ সঞ্চালক ভাস্কৰ পেগুয়ে কৃষকৰ স্বাৰ্থত কৃষি বিষয়াসকলক নিষ্ঠাৰে কাম কৰি যাবলৈ আহ্বান জনায় ৷ লগতে তেখেতে কয় যে পাঁচদিনীয়া প্ৰশিক্ষণ তথা দিগদৰ্শন কাৰ্যসূচীত বিভাগীয় আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ সমল ব্যক্তিৰ যোগেদি লাভ কৰা ব্যৱহাৰিক জ্ঞানে কৰ্মক্ষেত্ৰত আহি পৰিব পৰা বিভিন্ন সমস্যা সমাধানৰ বাবে সহায়ক হ’ব ৷ এই কাৰ্যসূচীৰ অন্তত ন-উদ্যমেৰে কৰ্মক্ষেত্ৰত কৃষি বিষয়াসকল নিয়োজিত হ’ব বুলি কৃষি সঞ্চালকগৰাকীয়ে আশা প্ৰকাশ কৰে ৷ কৰ্মশালাখনত ৰাজ্যিক কৃষি ব্যৱস্থাপনা আৰু সম্প্ৰসাৰণ প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সঞ্চালক শ্ৰী ৰবিজিৎ দত্ত চৌধুৰী প্ৰমুখ্যে ৰূপায়িত হৈ থকা বিভিন্ন আঁচনিৰ ন’ডেল বিষয়াকে ধৰি জ্যেষ্ঠ কৃষি বিষয়াসকল উপস্থিত থাকে।

