স্নাতকোত্তৰ ডিগ্ৰীধাৰী যুৱ সাংবাদিক অনামিকা কলিতাক সম্বৰ্ধনা অসম নাট্য সন্মিলন হাজো শাখাৰ…

কামৰূপ জিলাৰ অন্তৰ্গত হাজোৰ পতনি নিবাসী পিতৃ প্ৰয়াত গংগা কলিতা আৰু মাতৃ মিনা কলিতাৰ সুযোগ্য সন্তান স্নাতকোত্তৰ ডিগ্ৰীধাৰী যুৱ সাংবাদিক অনামিকা কলিতাক সম্বৰ্ধনা জ্ঞাপন কৰে অসম নাট্য সন্মিলন হাজো শাখাই।উল্লেখ্য যে যুৱ সাংবাদিক অনামিকা কলিতাই সদ্যঘোষিত স্নাতকোত্তৰ পৰীক্ষাত Mass Communication & Journalism বিভাগত সুখ্যাতিৰে উত্তীৰ্ণ হৈ স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰি সমগ্ৰ হাজো অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

অসম নাট্য সন্মিলন হাজো শাখাই এখন ফুলাম গামোচা আৰু এটি ফুলাম জাপিৰে সম্বৰ্ধনা জনাই যুৱ সাংবাদিকগৰাকীক। সম্বৰ্ধনা অনুস্থানত অসম নাট্য সন্মিলনৰ মাণ্ডলিক সম্পাদক কিচিন দাস ,কাৰ্যকৰি সদস্য মধুৰাম দাস, প্ৰচাৰ সম্পাদক বিবেকানন্দ দাস উপস্থিত থাকে।

Related Articles