নগাঁও, ১৩ ডিচেম্বৰ : নগাঁও আৰক্ষীয়ে কালি নিশা অভিযান চলাই চাৰিটাকৈ ডকাইতক গ্ৰেপ্তাৰ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, নগাঁও জিলাৰ ঠেকেৰা গুড়িত মালবাহী এখন ট্ৰাক হাইজেক কৰি নিয়ে চাৰিজনীয়া এটা দুৰ্ধৰ্ষ ডকাইতৰ দলে। এইদৰে ৰাজপথৰ পৰা ডকাইতৰ দলে ট্ৰাক হাইজেক কৰাৰ খবৰ লাভ কৰি নগাঁও আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মোহন লাল মিনাৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে ডকাইতৰ দল আৰু হাইজেক হোৱা ট্ৰাক বিচাৰি নগাঁও চহৰৰ বিভিন্ন স্থানত অভিযান আৰম্ভ কৰে। এক গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে চলোৱা এই অভিযানত নগাঁও জিলাৰ ৰাঙলুৰ পৰা দুৰ্ধৰ্ষ চাৰিটা ডকাইতক আটক কৰিবলৈ সক্ষম হয়। লগতে আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় হাইজেক হোৱা ট্ৰাকখনো। তদুপৰি, আৰক্ষীয়ে ডকাইতি কাণ্ডত ব্যৱহাৰ হোৱা এখন চাৰি চকীয়া বাহনৰ লগতে এখন তৰোৱালো জব্দ কৰে। ধৃত ডকাইত কেইটা হ’ল ৰাঙলুৰ গোলাম মহম্মদ, ইমৰাণ হুছেইন, মইনুল হক আৰু নগাঁও চহৰৰ বেঙেনাআতিৰ ছাইফুল ইছলাম। ইতিমধ্যে আৰক্ষীয়ে চাৰিটা ডকাইতৰ বিৰুদ্ধে ভাৰতীয় দিণ্ডবিধি আইনৰ অধীনত ৩০৬/২০২০, ১২০(B)/৩৪৬/৩৬৬/৩৯৭ নম্বৰত গোচৰ পঞ্জীয়ন কৰিছে। আজি তেওঁলোক নগাঁও আদালতত হাজিৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰা হয়। উল্লেখযোগ্য যে হাইজেক হোৱা ট্ৰাক খনৰ চালক আৰু হেণ্ডিমেনক হাত ভৰি বান্ধি থোৱা অৱস্থাত আৰক্ষীয়ে নিশা ডবকাৰ পৰা উদ্ধাৰ কৰে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- দুশ বছৰীয়া পুৰণি মুগাৰ সাঁজ, হাতত গামখাৰু, গামোচা; খোপাত কপৌফুল গুজি ৰেড কাৰ্পেটত অভিনেত্ৰী আইমী বৰুৱা…
- কাছাৰত ১০৫ কোটি টকাৰ হেৰ’ইন জব্দ ! আৰক্ষীৰ অভিযানৰ ফটোৰে কাছাৰ আৰক্ষীক সামাজিক মাধ্যমত প্রশংসা মুখ্যমন্ত্ৰীৰ…
- গুৱাহাটী পৌৰ নিগমৰ সহকাৰী আয়ুক্তক নলাত জাবৰ পেলোৱাত বাধা দিয়াৰ বাবেই আক্ৰমণ…
- ভগৱান শ্ৰীকৃষ্ণৰ পৰা জীৱন যাপনৰ কিছু কলা শিকি লওক, প্ৰতিটো ক্ষেত্ৰতে লাভ কৰিব সফলতা…
- সাৱধান! খালী পেটেৰে দিনটোলৈ ঘৰৰ পৰা বাহিৰলৈ যায় নেকি? সোনকালে হ’ব পাৰে ৰুগীয়া…
- জেআাইচি ইন্টাৰনেচলেন মেঘা ইভেন মহিলা সমিতিৰ কাপোৰৰ মেলা অনুষ্ঠিত…
- অনুৰাগী অবাকঃ ভঙা হাতেৰে কাঁন চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত খোজ ঐশ্বৰ্য ৰায় বচ্চনৰ…
- পুনৰ বহিঃৰাজ্যত নিৰুদ্দিষ্ট অসমৰ যুৱক গৌতম দাস…
- বিজেপিৰ হৈ সেৱা কৰিব বুলি মিছা কৈছিল আনন্দ মিশ্ৰইঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা…
- কেন্দ্ৰীয় খাদ্য সুৰক্ষা বিভাগৰ কঠোৰ নিৰ্দেশনা ! ফল পকোৱাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব নোৱাৰিব কেলচিয়াম কাৰ্বাইড…