কংগ্ৰেছক ভোট দিলে সুতা-কম্বল আৰু বিজেপিক দিলে চাকৰি, আয়ুস্মান কাৰ্ড পাব – মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা


অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ দিন দুৱাৰদলিত ভৰি দিয়াৰ লগে লগে প্ৰতিটো ৰাজৈনতিক দলৰ নেতাৰ অতিকৈ বৃদ্ধি পাইছে। ইখনৰ পিছত সিখন নিৰ্বাচনী সভাত ইজনৰ পিছত সিজন হেভি ৱেইট নেতাৰ উপস্থিতি দেখা গৈছে। বৰপেটা লোকসভা সমষ্টিতো ব্যতিক্ৰম নহয়। কংগ্ৰেছৰ দখলত থকা লোকসভা সমষ্টিটো বিজেপিয়ে আজুৰি আনি নিজৰ দখললৈ নিয়াৰ বাবে উঠিপৰি লাগিছে। আজি বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত বৰবালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত ২৫ নং পাকা বেতবাৰী সমষ্টিত এখন বিজয় সংকল্প সমাবেশত অংশগ্রহণ কৰি অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, অসম তথা এইটো সমষ্টি যদি আগুৱাই যোৱাটো বিচাৰো, সকলো উন্নয়ন ,সুৰক্ষিত হৈ থাকিব বিচাৰো তেতিয়া হলে, এই সমষ্টিটোৰ বিধায়ক বিজেপি- এজিপি নতুবা ইউপিপিএলৰ হব লাগিব। আনপিনে নৰেন্দ্ৰ মোডী প্রধানমন্ত্ৰী হবলৈ এজিপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীক ভোট দিব লাগিব। ২০১৪ চনৰ আগলৈকে আমাৰ অসমখনত প্ৰতিদিনে আন্দোলন হৈছিল।

বন্ধ, ধৰ্ণা, ধৰ্মঘট, গুলী বাৰুদ, বোমা বিষ্ফোৰণ, গ্ৰেণেড বিস্ফোৰণ হৈছিল। বড়ো আন্দোলন, কাৰ্বি আন্দোলন, আলফা আন্দালন, আদিবাসী আন্দোলন আদিত অসমখন ধুৱলি কুৱলী হৈ আছিল।নৰেন্দ্ৰ মোডী ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱাৰ পিচতেই অসমলৈ শান্তি উভতি আহিল।আজি আমাৰ দেশখন শান্তি, প্ৰগতি আৰু বিকাশৰ পথত আগুৱাই গৈছে।মোডীয়ে আমাক কোভিডৰ সময়ত ভেক্সিন দিলে, ৰেচন কাৰ্ডত চাউল দিলে,বিপদৰ সময়ত সাৰথি হিচাপে আয়ুস্মান ভাৰত কাৰ্ড দিলে । এইবাৰ মোডীয়ে মহিলা সকলক ছাৰভিকেল কেঞ্চাৰৰ প্ৰতিষেধক দিয়াৰ কথা কৈছে। মোডীৰ দৰে ইমান ভিতৰলৈ গৈ সমস্যা সমাধান কৰা প্ৰধানমন্ত্ৰী আগতেও নাছিল, ভৱিষ্যতেও নহ’ব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংখ্যালঘু ৰাইজেৰে গিজগিজাই থকা সভাখনত কয়, কংগ্ৰেছক ভোট দিলে পাব সুতা , কম্বল কিন্তু বিজেপিক ভোট দিলে পাব ঘোচ নিদিয়াকৈ চাকৰি, কৰ্ম সংস্থাপন,অৰুণোদয়, লাখপতি বাইদেউ আৰু বিনামূলীয়া চাউল পাব। কংগ্ৰেছক যদিও আপোনালোকে ভোট দি আহিছে, তেওঁলোকক টকা নিদিয়াকৈ চাকৰি হ’ল, ৰাস্তা হ’ল নে দলং হ’ল ? আজিলৈকে পাকাবেতবাৰীত কোনো এটা ভাল ৰাস্তা নোহোৱা দেখি মুখ্য মন্ত্ৰী শৰ্মাই হতবাক হৈ পৰে। কংগ্ৰেছে সৰুক্ষেত্ৰী সমষ্টিক পথ , দলং টো বাদেই, স্কুল কলেজ সমূহকো ভেঞ্চাৰ কৰি থৈ গৈছে।

এইবেলি হাতীত ভোট দিলে সকলো সমস্যা সমাধান কৰাৰ পাকাবেতবাৰী সমষ্টিৰ ৰাইজক মুখ্য মন্ত্ৰী শৰ্মাই প্ৰতিশ্ৰুতি দিয়ে। এনে প্ৰতিশ্ৰুতিত উদ্বাউল হৈ পৰে সংখ্যালঘু ৰাইজ। এইবাৰ ঘৰৰ জিঅ’টেকিঙৰ মহিলা সকলে কৰিব। সেইবাবেই ইয়াত দালালৰ কোনো হাত নাথাকিব বুলি দৃঢ়তাৰে মুখ্যমন্ত্ৰীয়ে কয়। পাকাবেতবাৰী সমষ্টিটোত বিশেষ ভাৱে ৩টা আছে বুলি ৰাইজে অভিযোগ তুলিছে – মাটিৰ পাট্টা, ডি’ভোটাৰ আৰু আধাৰ কাৰ্ড। এই আটাইবোৰ সমস্যা সমাধান কৰাৰো মুখ্য মন্ত্ৰী গৰাকীয়ে প্ৰতিশ্ৰুতি দিয়ে।


মুখ্যমন্ত্ৰীয়ে কয় ভাৰতৰ প্ৰধানমন্ত্ৰী এতিয়ালৈকে ২৭ বাৰ অসমক পদাৰ্পন কৰিছে। অসমৰ কাৰণে ইমান চিন্তা কৰা প্ৰধানমন্ত্ৰী আগতে নাছিল। ৰাজ্য চৰকাৰে সকলো ক্ষেত্ৰতে স্বচ্ছতা আনিছে বুলি দাবী কৰি তেওঁ কয় আমাৰ চৰকাৰৰ ৩ বছৰেই পূৰ হোৱা নাই। ১ লাখ ল’ৰা ছোৱালীক চৰকাৰী চাকৰি দিছো। নিৰ্বাচনৰ পিছত আৰু ৫০ হাজাৰ ল’ৰা ছোৱালীক চৰকাৰী চাকৰি দিম বুলিও তেওঁ কয়। মুখ্যমন্ত্ৰী শৰ্মাই সাংবাদিকক জানিব দি কয়, এইবাৰ নিৰ্বাচনত ২০-২৫% মহিলা আৰু নতুন যুৱচামে ভোট দিয়াৰ সম্ভাৱনা আছে। বৰপেটা লোকসভা সমষ্টিৰ পৰা ফণীভূষণ চৌধুৰীয়ে ৩ লাখৰো অধিক ভোটৰ ব্যৱধানত জয়লাভ কৰিব। মুখ্যমন্ত্ৰী গৰাকীয়ে ধুবুৰীত তিনিকোণীয়া প্ৰতিদ্বন্দিতা হ’ব, কোন জিকে কোৱা টান। ধুবুৰীত ৩ দিনৰ পৰা এজিপিৰ প্ৰচাৰ দোপকদোপে বৃদ্ধি পাইছে।

কংগ্ৰেছে যদিও মিত্ৰতাৰ কথা কৈ আহিছিল, কোনো এটা সমষ্টিতে মিত্ৰতা নহ’ল। আজমলে মাদ্ৰাছা খোলাৰ প্ৰশ্ন সাংবাদিকে সোধাত মুখ্য মন্ত্ৰী শৰ্মাই টিপ্পনী মাৰি কয়, আজমলে আৰু সেই বয়স নাই। মোৰ লগত টক্কৰ দিব নোৱাৰে। আমাক গৌৰৱ গগৈয়ে ফ্ৰিটে ৭খন আসন দিলে, বাকী নো আৰু কি নিদিব। কবলৈ গলে আমি ৭খনৰ পৰাই আৰম্ভ কৰিম। আজিৰ সভাখনত সাংসদ বিৰেন্দ্ৰ প্ৰসাদ বৈশ্য, ভূৱনেশ্বৰ কলিতা, বিধায়ক ফণীধৰ তালুকদাৰ, প্ৰাক্তন তাৰা প্ৰসাদ দাস, নগেন চৌধুৰী, অনিল দাস, বিভূতিভূষণ বৰঠাকুৰ, কমল মেধি, হাবিব মহম্মদ চৌধুৰী, মুজেদাৰ খাটুন, ধৰ্মেশ্বৰ ৰয়, প্ৰিন্স ফাইজুল হক, চিত্তৰঞ্জন বৰ্মণকে আদি কৰি বিজেপি,এজিপি আৰু ইউ পি পি এলৰ নেতা কৰ্মী উপস্থিত আছিল। সভাত কেইবা সহস্ৰাধিক সংখ্যালঘু লোকৰ উপস্থিতি দেখা গৈছে। মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নাচি বাগি কৰা বিজেপিৰ প্ৰচাৰত আপ্লুত হয় সংখ্যালঘু লোক। হিমন্ত বিশ্ব শৰ্মাৰ আগমনত সংখ্যালঘু প্ৰধান সমষ্টিটোৰ ৰাইজে কি চিন্তা কৰিব, কাক ভোট দিব সেয়া সময়ত জানিব পৰা যাব যদিও মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদাৰ্পণত কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ ভেটি লৰিব পাৰে বুলি আশংকা কৰিছে একাংশই।

Related Articles