এবছু, ইউবিপিঅ আৰু আবৌফৰ মধ্য জোনাই আঞ্চলিক সমিতিৰ উদ্যোগত আজিৰে পৰা বগৰীগুৰীৰ শিয়ালমাৰী খেলপথাৰত আৰম্ভ হৈছে ১৭ সংখ্যক মধ্য জোনাই ৰংজালি বৈসাগু সন্মিলন। অনুষ্ঠানৰ আজি পুৱা ৭ বজাত চাফাই অভিযানৰ পাছত পুৱা ৮ বজাত মূল মণ্ডপ উদ্ধোধন কৰে মূৰ্কংচেলেক আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সদস্য তৰুণ গয়াৰীয়ে।পুৱা ৮-৩০ পতাকা উত্তোলন কৰে এবছু,ইউবিপিঅ,আবৌফৰ মধ্য জোনাই আঞ্চলিক সমিতিৰ সভাপতি ক্ৰমে মন্টু বড়ো,বিৰখাং নাৰ্জাৰী আৰু সভানেত্ৰী সুমিত্ৰা দৈমাৰীয়ে।পুৱা ৯ বজাত ভলীবল প্ৰতিযোগিতাৰ উদ্ধোধন কৰে এবছুৰ ধেমাজি জিলা সমিতিৰ সাংগঠনিক সম্পাদক মথুৰাজ মুছাহাৰীয়ে।

পুৱা ১০ বজাত মহিলা সকলৰ মাজত ৰচী টনা আৰু পুৱা ১০-১৫ বজাত পুৰুষ সকলৰ মাজত ৰচী টনা প্ৰতিযোগিতা আৰু পুৱা ১০-৩০ বজাত কল গছত উঠা প্ৰতিযোগিতা অনুষ্ঠিত হয়।পুৱা ১০-৪৫ বজাত এবছুৰ মধ্য জোনাই আঞ্চলিক সমিতিৰ সভাপতি মন্টু বড়োৰ সভাপতিত্বত ২০২৪ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত মধ্য জোনাই অঞ্চলৰ পৰা প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ১৮ গৰাকী কৃৰ্তি প্ৰশিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধনা অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰি এবছুৰ ধেমাজি জিলা সমিতিৰ উপ সভাপতি হিৰণ্য স্বৰ্গীয়াৰীয়ে কয় হাইস্কুল শিক্ষান্ত পৰীক্ষাত যি সকলে কৃৰ্তিত্বৰে উত্তীৰ্ণ হৈছে তেখেত সকলে নিৰৱছিন্নভাৱে অধ্যয়নত মনোনিবেশ কৰি গুণগত শিক্ষাৰে শিক্ষিত হৈ ভৱিষ্যত জীৱন গঢ় দিব লাগিব বুলি উল্লেখ কৰি শিক্ষাৰ্থী সকলে ছাত্ৰ অৱস্থাত অধ্যয়নৰ বাহিৰে আন বিষয়ৰ প্ৰতি ধাউতি দিয়া উচিত নহয় আৰু এগৰাকী সুনাগৰিক হিচাপে প্ৰতিষ্ঠিত হৈ জাতি আৰু সমাজৰ হ’কে অৰিহণা যোগুৱাই এগৰাকী প্ৰকৃত শিক্ষিত মানুহৰ প্ৰধান উদ্দেশ্য বুলি গুৰুত্বপূৰ্ণ ভাষন আগবঢ়ায়।

এবছুৰ মধ্য জোনাই আঞ্চলিক সমিতিৰ শিক্ষা সম্পাদক সৌমখৌৰ বড়োয়ে আদৰণি ভাষন আগবঢ়োৱা অনুষ্ঠানত এবছুৰ ধেমাজি জিলা সমিতিৰ সাধাৰণ সম্পাদক উদাং বি বডোছা, সম্পাদক অজয় খাকলাৰীয়ে।পুৱা ১১ বজাৰ পৰা বৈসাগু প্ৰতিযোগিতাত বৈসাগু গীত,খাম বাদন,বৈসাগু খুঙ্গুৰ নৃত্য, বৈসাগু খুংগ্ৰী নৃত্য, যুৱক-যুৱতী বৈসাগু নৃত্য, বৈসাগু ৰাজা,বৈসাগু ৰাণী,চেমনীয়া ডেমচি নৃত্য, বিবাহিত সকলৰ ডেমচি নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। কালিলৈ দ্বিতীয় দিনাৰ পুৱাৰে পৰাই বিভিন্ন কাৰ্যসূচীত অনুষ্ঠিত হোৱাৰ লগতে মুকলি সভাত বড়ো জাতীয় দল সংগঠনৰ নেতৃত্ব উপস্থিত থাকিব। সন্ধিয়া হ’বলগা সাংস্কৃতিক অনুষ্ঠানৰ গীত পৰিৱেশন কৰিব কন্ঠশিল্পী জাংগিলা বসুমতাৰীয়ে।

