ৰাজ্যৰ নিবনুৱালৈ দুঃখবৰ ! চৰকাৰী চাকৰিৰ বাবে আৱেদন কৰা নিবনুৱা প্ৰাৰ্থীৰ পৰা ১৮ শতাংশ কৰ সংগ্ৰহ কৰিব চৰকাৰে…

সুৰা ৰাজহ বৃদ্ধিৰ পিছতেই পুনৰ ৰাজহ বৃদ্ধিৰ লক্ষ্য চৰকাৰৰ । চৰকাৰী চাকৰিৰ বাবে আৱেদন কৰা নিবনুৱা প্ৰাৰ্থীৰ পৰা ১৮ শতাংশ কৰ সংগ্ৰহ কৰিব চৰকাৰে । অসম লোকসেৱা আয়োগৰ সংযুক্ত প্রতিযোগিতামূলক মূল পৰীক্ষাৰ বাবে আবেদনকাৰী প্ৰাৰ্থীৰ পৰা চৰকাৰে সংগ্ৰহ কৰিব ১৮ % GST । ‘প্র’চেছিং চাৰ্জ’ ৰ বিনিময়ত প্ৰতিজন নিবনুৱা প্রার্থীয়ে চৰকাৰক এই কৰ পৰিশোধ কৰিব লাগিব । অসম লোকসেৱা আয়োগৰ ‘মূল’ পৰীক্ষালৈ বাছনিকৃত ২৮৯৮ জন প্রার্থীক ১৮% GST সহ আৱেদনৰ নিৰ্দেশনা জাৰি । ভাৰত চৰকাৰৰ ‘DIGITAL INDIA’ ৰ অধীনত অনলাইন ৰিকুইটমেন্ট প’র্টেলত APSC আবেদনকাৰীৰ প-পত্ৰ পূৰণৰ প্ৰক্ৰিয়া আৰম্ভ । কেন্দ্ৰীয় ELECTRONICS & INFORMATION TECH. মন্ত্রণালয়ৰ অধীনত সংগ্ৰহ কৰা হ’ব এই কৰ ।

পৰীক্ষা মাচুলৰ লগতে প্রচেছিং চার্জ আৰু প্রচেছিং চার্জৰ ওপৰত অতিৰিক্ত ১৮ শতাংশ GST আদায় দিব লাগিব ৰাজ্যৰ নিবনুৱাই । চৰকাৰে দৰিদ্ৰ সীমাৰেখাৰ তলৰ প্রার্থীৰ লগতে বিশেষভাবে সক্ষম আৰু মহিলা প্রার্থীৰ মাচুল পূৰ্বতে ৰেহাই দিছিল । কিন্তু অ’নলাইন নিযুক্তি প’র্টেলত আৱেদন কৰিবলগীয়া হোৱাত মাচুল ৰেহাই পোৱা এইসকল আবেদনকাৰীয়ো ৪০ টকা প্রচেছিং চার্জ আৰু প্রচেছিং চাৰ্জৰ ওপৰত ১৮ শতাংশ জিএছটিসহ মুঠ ৪৭.২০ টকা মাচুল আদায় দিব লাগিব । বিপৰীতে সাধাৰণ শ্রেণীৰ প্রার্থীয়ে ২৫০ টকা আবেদন মাচুলৰ উপৰি ৪০ টকা প্রচেছিং চার্জ আৰু ১৮ শতাংশ জি এছ টি (৭.২০ টকা) সহ মুঠ ২৯৭.২০ টকা দিব মাচুল ভৰিব লাগিব ।

ST, SC, OBC, MOBC প্রার্থীৰ নতুন আবেদন মাচুল নির্ধাৰণ ১৫০ টকাত । অৱশ্যে, এইসকল প্রার্থীয়ো ১৫০ টকা মাচুলৰ সৈতে অতিৰিক্ত ৪০ টকা প্রচেছিং চার্জ আৰু ১৮ শতাংশ জি এছ টি হিচাপে ৭.২০ টকা কৰসহ মুঠ ১৯৭.২০ টকা মাচুল আদায় দিব লাগিব । উল্লেখ্য, অসম লোকসেৱা আয়োগে বৃহস্পতিবাবে ২০২৩ বর্ষব সংযুক্ত প্রতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছিল । পৰীক্ষাত অৱতীর্ণ হোৱা ৬৭,২৫১ জন প্রার্থীৰ মাজৰ পৰা মূল পৰীক্ষালৈ ২৮৯৬ জন প্রার্থীয়ে বাছনি লাভ কৰিছিল । কিন্তু স্বচ্ছ আৰু নিকাভাৱে পৰীক্ষা সম্পন্ন কৰাৰ দাবী কৰা বিয়াগোম লোকসেৱা আয়োগে এই মুহূর্তলৈ কাট অফ্ মার্ক ৰাজহুৱা কৰা নাই ।

Related Articles