ৰূপনগৰত “ব’হাগৰ অন্তিমটো দিনত” সাহিত্য-সংস্কৃতিৰ মনোৰম আড্ডা


সমগ্ৰ বিশ্বৰ বৌদ্ধিক- সাহিত্য- সংস্কৃতিৰ উত্তৰণৰ প্ৰধান কাৰখানাস্বৰূপ আড্ডাৰ
ইতিহাস প্ৰায় আঢ়ৈ হাজাৰ বছৰৰ পুৰণি । গ্ৰীক দাৰ্শনিক ছক্ৰেটিছৰ আড্ডাই আছিল অন্যতম প্ৰধান মানৱ সভ্যতাৰ এক ঐতিহাসিক নিদৰ্শন । গুৱাহাটী মহানগৰীৰ ৰূপনগৰৰ বিশিষ্ট চিন্তাবিদ, শিল্পী দেবেন্দ্ৰ নাথ বসুমতাৰীৰ বাসভৱনত “পৰাগজ্যোতি প্ৰকাশন” ৰ উদ্যোগত “ব’হাগৰ অন্তিমটো দিনত” এক নান্দনিক সাহিত্য-সংস্কৃতিৰ আড্ডা অনুষ্ঠিত হয় । বিশিষ্ট কন্ঠশিল্পী ডিজেন কাকতিৰ গীত পৰিৱেশনেৰে শুভাৰম্ভ কৰা আড্ডাত সাহিত্যিক পেন্সনাৰ, “সাহিত্য কোঁৱৰ” কমল কলিতাই কয়- “১৮৮৮ চনত ৬৭ নং মিৰ্জাপুৰ ষ্ট্ৰীটত ( বৰ্তমান সূৰ্য সেন ষ্ট্ৰীট) ত আনন্দৰাম ঢেকিয়াল ফুকন, গুণাভিৰাম বৰুৱা, হেমচন্দ্ৰ বৰুৱাই আড্ডা পাতি অসমীয়া ভাষা-সাহিত্যক আগবঢ়াই নিয়াৰ পৰিকল্পনা কৰিছিল ।

পিছলৈ চন্দ্ৰ কুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী, গুঞ্জানন বৰুৱাও এই আড্ডাত অংশীদাৰ হৈ অসমীয়া ভাষাক প্ৰতিষ্ঠাৰ হকে অশেষ পৰিকল্পনা কৰিছিল ।”পৰাগজ্যোতি প্ৰকাশনৰ সচিব, সাংবাদিক দীপক শৰ্মাই আঁত ধৰা আড্ডাত অংশ লৈ বিশিষ্ট চলচ্চিত্ৰ পৰিচালক তথা সংগীতজ্ঞ অৱনী ৰঞ্জন পাঠকে কয়- “বহু যোগাত্মক চিন্তাৰ ফচল আড্ডা । আড্ডাতে এজন ব্যক্তি উদ্ভাষিত হৈ পৰে । বৰ্তমান আমি জটিল সন্ধিক্ষণত আছোঁ । সাম্প্ৰতিক সময়ত সৰ্বাধিক সংখ্যক মানুহৰ মাজত একতাৰ অভাৱ ঘটিছে । আড্ডাৰে একতাৰ অভাৱ দূৰ কৰিব লাগে লাগিব ।” আন্তৰ্জাতিক খ্যাতিসম্পন্ন কবি- সাহিত্যিক দিলস্ লক্ষ্মীন্দ্ৰ সিংহই কয়- “সৌ তাহানিতে ঋষি-মুনিসকলে আড্ডা পাতি কিদৰে দস্যু-দানৱক পুলিয়ে-পোখাই উভালি পেলাব পাৰি, তাৰ আলোচনা কৰিছিল । আড্ডাই মানুহ গঢ়াৰ কমাৰশাল সৃষ্টি কৰে ।বৌদ্ধিক আড্ডাৰ সদায় প্ৰয়োজনিয়তা আছে ।” শিল্পী ডিজেন কাকতিয়ে কয়- “১৯৩৬ চনত বিহু হুচৰি মিত্ৰদেৱ মহন্তই প্ৰথম ৰেকৰ্ডিং কৰিছিল । সেইকথা আজিৰ প্ৰজন্মৰ জ্ঞাত নহয় । প্ৰখ্যাত পেৰডি গায়ক ৰাৱণ নাথক আজিৰ ব্যংগ শিল্পীয়ে নাজানে । বৰ্তমানৰ সাংস্কৃতিক পথাৰখন বৰ অবক্ষয় হৈছে ।” আকাশবাণী আৰু দূৰদৰ্শন কেন্দ্ৰৰ উত্তৰ-পূৱ ভাৰতৰ অৱসৰপ্ৰাপ্ত সঞ্চালক প্ৰধান দেবেন্দ্ৰ নাথ বসুমতাৰীয়ে কয়- “পৰাগজ্যোতি প্ৰকাশনে ন-প্ৰজন্মক সঠিক পথৰ সন্ধানৰ বাবে অহৰহ প্ৰয়াস কৰি আহিছে ।মনৰ দুখ-বেদনা, ভেদ-ভাৱ, অভিমান আড্ডাৰে সমাধান হয় ।জীৱনবোধ উন্নতিৰ শিপাডাল আড্ডাতে নিহিত হৈ আছে ।” আড্ডাত ডা : ভাৰতী বসুমতাৰী, কবি-লেখিকা পুতুলী ঠাকুৰীয়া মেধি আদিও উপস্থিত থাকি সৰু সৰু কথাৰে মোহান্বিত কৰে ।

Related Articles