দৈনন্দিন বাৰ্তা গোষ্ঠী চিৰঞ্জীৱী হোৱাৰ লক্ষ্যৰে ”দৈনন্দিন বাৰ্তা” গোষ্ঠীৰ তৰফৰ পৰা বৰপেটাৰ ড° বিৰিঞ্চি কুমাৰ দাস আৰু নাৰায়ণ দাসক সম্বৰ্ধনা…

দৈনন্দিন বাৰ্তা গোষ্ঠীৰ ১৪ বছৰীয়া গৌৰৱোজ্জ্বল ক্ষণত, দৈনন্দিন বাৰ্তা গোষ্ঠী চিৰঞ্জীৱী হোৱাৰ লক্ষ্যৰে
ঘৰে ঘৰে ‘দৈনন্দিন বাৰ্তা’

ঘৰে ঘৰে ‘The Assam Rising’
ঘৰে ঘৰে ‘আলোকপ্ৰভঞ্জন’… আৰু মোবাইলে মোবাইলে ‘DB NEWS’


এক সংকল্প যাত্ৰাৰ অংশ ৰূপে আজি বৰপেটা চহৰৰ মাজমজিয়া পালাংদিহাটীত বৰপেটা ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বিৰিঞ্চি কুমাৰ দাস আৰু সুন্দৰীদিয়া কলয়াহাটীত বিশিষ্ট আলোক আৰু ৰূপসজ্জ্বাকাৰ নাৰায়ণ দাসক সম্বৰ্ধনা জনোৱা হয় আৰু তেওঁলোকৰ পৰা বিভিন্ন পৰামৰ্শ গ্ৰহণ কৰা হয়। সমাজত নিঃস্বাৰ্থভাৱে সেৱা আগবঢ়োৱা বাবে দুয়োজন ব্যক্তিক দৈনন্দিন বাৰ্তা গোষ্ঠীৰ তৰফৰ পৰা এখন অসমীয়া ফুলাম গামোচা আৰু এখন সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জনায় চন্দন কুমাৰ দাসে। সম্বৰ্ধনা প্ৰদান অনুষ্ঠানত চন্দন কুমাৰ দাসে মানৱ সম্পদ গঢ়াত তেওঁলোকৰ ভূমিকাৰ বিষয়ে বিষদভাৱে বৰ্ণনা কৰে আৰু শেষত এখনকৈ আজি প্ৰকাশিত ‘দৈনন্দিন বাৰ্তা’, আজি প্ৰকাশিত ‘The Assam Rising’ আৰু এখন ‘আলোকপ্ৰভঞ্জন’ প্ৰদান কৰে।

উল্লেখযোগ্য যে মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰাক্তন সহযোগী অধ্যাপক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষণা তত্বাৱধায়ক ড° বিৰিঞ্চি কুমাৰ দাসে বৰপেটা জিলাৰ সমাজ জীৱনত বিভিন্ন দিশত অৱদান আগবঢ়াই আহিছে। কুইজ মাষ্টাৰ তথা সমাজসেৱক হিচাপে পৰিচিত ড° বিৰিঞ্চি কুমাৰ দাসে ৰচনা কৰা প্ৰকাশিত গ্ৰন্থসমূহৰ ভিতৰত ইংৰাজীত “Socialist Realism in Mikhail Sholokhov’s Novels: A Cross-Cultural Study”, প্ৰৱন্ধ সংকলন হিচাপে “এজন লোক, এখন চহৰ আৰু কিছু সৰাপাত”, “পাঠ পঠন”, কবিতা সংকলন হিচাপে “অলপ কথা, অলপ পোহৰ”, অনুবাদ গ্ৰন্থ হিচাপে “নিউমাৰো জিৰো”, “উন্মাদ” আদি সকলোৰে মাজত সমাদৃত। আনহাতে বৰপেটা নাৰ্চাৰী কাম প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰধান শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰা তথা‌ মানৱ সম্পদ গঢ়া কামত নিয়োজিত হৈ থকাৰ চিন স্বৰূপে অসম চৰকাৰৰ পৰা ২০১০ চনত ৰাজ্যিক ভিত্তিত কৃতি শিক্ষকৰ বঁটা লাভ কৰা নাৰায়ণ দাস এজন নাটৰ ৰূপসজ্জাকাৰ আৰু আলোক শিল্পী।

নাটৰ ৰূপসজ্জাকাৰ আৰু আলোক শিল্পী হিচাপে তেওঁ বৰ্তমানেওঁ জনপ্ৰিয় । নাৰায়ণ দাসে অসমৰ বিভিন্ন নাট্য মঞ্চৰ উপৰিও ভাৰতবৰ্ষৰ বিভিন্ন স্থানত নিজৰ দক্ষতা প্ৰতিপন্ন কৰি ভূয়সী প্ৰশংসিত হৈ আহিছে ৷ বৰপেটাৰ বিভিন্ন সামাজিক সংগঠনৰ লগত জড়িত নাৰায়ণ দাসক ইতিমধ্যে অসম নাট্য সন্মিলন, শংকৰদেৱ পুথিভঁড়াল, ৰংঘৰ, পিনাক, জনান্তিক, জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, সুন্দৰীদিয়া ছাত্ৰ সন্থা, মাধৱদেৱ শাখা সাহিত্য সভা আদি কৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে তেওঁৰ কৰ্মৰাজিৰ বাবে সম্বৰ্ধনা জনাই থৈছে। দুয়োজন ব্যক্তি আজি ‘দৈনন্দিন বাৰ্তা’, ‘The Assam Rising’, ‘আলোকপ্ৰভঞ্জন’ আৰু ‘DB NEWS’ ৰ উন্নতি কামনা কৰে। আজিৰ এই অনুষ্ঠানত দৈনন্দিন বাৰ্তাৰ সংবাদকৰ্মী ছাহেদ আলি আহমেদ আৰু কয়াকুছিৰ সংবাদকৰ্মী আবু নাছিৰ আলম আৰু পালহাজীৰ সংবাদকৰ্মী সেখ ৰহমত উল্লাও উপস্থিত থাকে।

Related Articles