চচল শাখা লেখিকা সমাৰোহ সমিতিৰ চতুৰ্দশ সংখ্যক প্ৰতিষ্ঠা দিৱসটি ২১ মে’ ২০২৪ মংগলবাৰে উলহ-মালহেৰে স্থানীয় চচল শতদল শাখা সাহিত্য সভাৰ ৰবীন্দ্ৰনাথ দাসসভাগৃহত অনুষ্ঠিত হয়। পুৱা ৯-০০ বজাত শাখাৰ সভানেত্ৰী প্ৰণীতা শৰ্মাই পতাকা উত্তোলন কৰে। বন্তি প্ৰজ্বলন কৰে উপদেষ্টা হিৰন্ময়ী নাথে। শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে কামৰূপ মহানগৰ লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা শেৱালি ভাগৱতীয়ে। আবেলি ৩-০০ বজাত মুকলি সভাত সভাপতিত্ব কৰে সভানেত্ৰী প্ৰনীতা শৰ্মাই। সম্পাদিকা চিত্ৰা দাসে আদৰণি ভাষণ প্ৰদান কৰে। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উপ-সভানেত্ৰী,কামৰূপ(ম) জিলাৰ লেখিকা সমাৰোহ সমিতিৰ উপদেষ্টা শ্ৰী নীলিমা বৰাই সাৰুৱা ভাষণ প্ৰদান কৰে।

বিশিষ্ট অতিথিৰ আসনৰ পৰা সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উপসভানেত্ৰী ,কামৰূপ(ম) জিলা লেখিকা সমাৰোহ সমিতিৰ কাৰ্যকৰী সভানেত্ৰী দৰ্পনা বৰা নেওগে উদ্বোধনী ভাষণ আগবঢ়ায়। সভাত শাখাৰ উপদেষ্টা হিৰন্ময়ী নাথে শুভেচ্ছামূলক ভাষণ প্ৰদান কৰে । শাখাৰ পৰা প্ৰকাশিত এখনি কবিতাপুথি ‘একুঁকি বাখৰুৱা কবিতা ‘উন্মোচন কৰে অসমৰ এগৰাকী বিশিষ্ট কবি নীলিম কুমাৰে।উন্মোচনী ভাষণত তেখেতে কয় যে আত্মা অবিহনে সাৰ্থক কবিতাৰ সৃষ্টি হ’ব নোৱাৰে ইত্যাদি এক মননশীল বক্তব্যৰে উপস্থিত সকলোকে মন্ত্ৰমুগ্ধ কৰে৷ সভাত চচল শাখাৰ সদস্যা সকলে-ক্ৰমে চিত্ৰা দাস,অলকানন্দা মহন্ত, মালা শৰ্মা,বাণী বৰুৱা, লনী দত্ত, নীলিমা গোস্বামী শৰ্মা, মঞ্জু দাস, ড° মঞ্জুলা হুচেইনে অপৰ্ণা শইকীয়া আৰু শান্ত্বনা দাস বৰ্মনে যুগুত কৰা এখনি সংগীতালেখ্য ‘ঐটিহ্যপূৰ্ণ অসমৰ লোকগীতৰ কলৰৱ’ পৰিৱেষণ কৰে।
সভাত কবি নীলিম কুমাৰৰ সহধৰ্মিনী পুষ্পাঞ্জলি গোস্বামীয়ে কবি গৰাকীৰ এটি কবিতা আবৃত্তি কৰি সমজুৱাক মুগ্ধ কৰে। সভাত শাখাৰ সদস্যা জেছমিনা ইছলাম আৰু মণিদীপা ভট্টাচাৰ্য্যই চমু বক্তব্য প্ৰদান কৰে। সভাৰ অন্তত শাখাৰ সহ-সম্পাদিকা শান্ত্বনা দাস বৰ্মনে শলাগৰ শৰাই আগ বঢ়ায়। অসম সংগীতেৰে সভাৰ সামৰণি পৰে।

