অসমত স্হাপন হ’ব প্রথমখন আইআইএম, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই অসমবাসীক দিলে এই সুখবৰ…

অসমত স্হাপন হ’ব প্রথমখন আইআইএম। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই দেওবাৰে এক্সযোগে অসমবাসীক এই সুখবৰটো দিছে। কেন্দ্ৰীয় চৰকাৰৰ আৱণ্টিত এই আইআইএমখন গুৱাহাটীৰ কাষৰীয়া পলাশবাৰীৰ মৰাভিঠাত স্থাপন কৰা হ’ব। চলিত বৰ্ষৰ ১৬ ফেব্ৰুৱাৰীত এই গুৰুত্বপূৰ্ণ আইআইএমখন প্রতিষ্ঠাৰ বাবে মৰাভিঠাৰ সংশ্লিষ্ট স্থানডোখৰ অসম চৰকাৰৰ স্থান নির্বাচন কমিটীলৈ হস্তান্তৰৰ সন্দৰ্ভত এক চুক্তিপত্ৰত স্বাক্ষৰ কৰে। সংশ্লিষ্ট আইআইএমখন প্ৰতিষ্ঠাৰ বাবে ৰাজ্য চৰকাৰে মুঠ ৫৭৪ বিঘা ভূমি আৱণ্টন দিছে।

এই সন্দৰ্ভত এক্সযোগে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰে যে ২০২৩ চনত অসম চৰকাৰে কৰা অনুৰোধমৰ্মে প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে অসমৰ জনসাধাৰণৰ বাবে এই আইআইএমখন গুৱাহাটীত স্থাপনৰ বাবে অনুমোদন কৰিছে। এই আইআইএমখন কামৰূপ জিলাৰ পলাশবাৰী অন্তৰ্গত মৰাভিঠাত স্থাপন হ’ব। অসমত এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আগ্ৰহ আৰু সদিচ্ছাৰ বাবেই আইআইটি, এইমছ, ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয় আৰু এতিয়া আইআইএম লাভ কৰিলে। উল্লেখ্য কৰিব পাৰি যে উল্লেখিত আইআইএমখন ডিপিআৰ প্রস্তুত কৰিব আইআইএম আহমদাবাদে। এইক্ষেত্ৰত ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগ আৰু অসম চৰকাৰেও সহযোগিতা কৰিব আৰু পৰৱৰ্তী সময়ত এই ডিপিআৰ কেন্দ্ৰীয় শিক্ষা মন্ত্রণালয়ত জমা দিব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই সন্দৰ্ভত আৰু কয় যে আইআইএম প্রতিষ্ঠাৰ সম্পর্কিত বিষয়টো কেন্দ্রীয় শিক্ষা মন্ত্রী ধর্মেন্দ্ৰ প্ৰধানৰ ওচৰত শক্তিশালীভাৱে উপস্থাপন কৰা হৈছিল।

অসমে ইয়াৰ বাবে ভূমিৰ প্ৰাৰম্ভিক তথ্য আৰু ন্যায়সংগত সমর্থন প্রকাশ কৰিছিল। এতিয়া অসমত ভৱিষ্যতে হ’বলগীয়া আইআইএমখন মেণ্টৰ হিচাপে আইআইএম আহমদাবাদে কাম কৰিব।অসমত আইআইএম প্ৰতিষ্ঠাৰ লগে লগে অঞ্চলটোৰ উন্নয়ন আৰু বিকাশৰ ক্ষেত্ৰত এক বৃহৎ পৰিৱৰ্তন সম্ভৱ হ’ব আৰু ৰাজ্যখন পূর্ব ভাৰতৰ এখন শৈক্ষিক হাব হিচাপে পৰিগণিত হ’ব। ইয়াৰোপৰি প্ৰস্তাৱিত এই আইআইএমখনে অর্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত ডাঙৰ উৎসাহ প্রদান কৰিব। ইয়াৰ বাবে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই প্রধানমন্ত্রী নৰেন্দ্ৰ মোডী আৰু শিক্ষা মন্ত্রী ধর্মেন্দ্র প্রধানক বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰে।

Related Articles