ঢেকীয়াজুলি সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত নিচামুক্ত ভাৰত গঢ়াৰ সংকল্পৰে বৃহস্পতিবাৰে দিনৰ ১২ বজাত ঢেকীয়াজুলি নগৰত বাটৰ নাট প্ৰদৰ্শন কৰাৰ লগতে উলিয়ালে সজাগতা সমদল৷উল্লেখ্য যে বৰ্তমান সময়ত ড্ৰাগছৰ লগতে প্ৰতিটো নিচাযুক্ত দ্ৰব্যৰ প্ৰতি আসক্ত হৈছে একাংশ যুৱ সমাজ৷

সেয়েহে যুৱ সমাজক এনে অসামাজিক ব্যাধিৰ পৰা আতৰাই আনি এগৰাকী সুনাগৰিক হিচাপে গঢ় দিয়াৰ লগতে এখনি সুস্থিৰ সমাজ গঢ়িবলৈ সজাগতাৰ উদ্দেশ্য আজি ঢেকীয়াজুলি সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত অংগনবাড়ী কৰ্মী আৰু সহায়িকা সকলে বাটৰ নাট প্ৰদৰ্শন কৰাৰ লগতে উলিয়ালে সজাগতা সমদল৷আজি বাটৰ নাট প্ৰদৰ্শনৰ লগতে সজাগতা সমদলত নেতৃত্ব দিয়ে ঢেকীয়াজুলি সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া নিবেদিতা চৌধুৰীয়ে৷

