দৰং ওদালগুৰি জিলাৰ সীমান্ত অঞ্চল বৰঝাৰ লীলানন্দ বিদ্যা নিকেতন হাইস্কুলৰ মূল প্ৰবেশ দ্বাৰ মুকলি।ৰঙা ফিটা কাটি দ্বাৰ মুকলি কৰে গুৱাহাটীৰ বিশিষ্ট ব্যৱসায়িক অনিল জৈনে। লগে লগে বীৰেন্দ্ৰ নগৰ আশ্ৰম, পাগল বাবাৰ জয় ধ্বনিৰে মুখৰিত হৈ পৰে লীলানন্দ বিদ্যা নিকেতন হাইস্কুলৰ প্ৰাঙ্গন।পৱন আগৰৱালাই নিজৰ স্বৰ্গীয় পিতৃ প্ৰভু দয়াল আগৰৱালাৰ স্মৃতিত নিজৰ গাঁঠিৰ ধনে ব্যায় কৰি নিৰ্মাণ কৰিলে বৰঝাৰ লীলা নন্দ বিদ্যা নিকেতন হাইস্কুলৰ মূল প্ৰৱেশদ্বাৰ।বহু দিনৰ অভাৱ পূৰন হল বিদ্যালয়খনৰ। ইয়াকে লৈ আনন্দিত হয় বিদ্যালয় কতৃপক্ষ, ছাত্ৰ ছাত্ৰী আৰু স্থানীয় ৰাইজ।১৯৭৩ চন বীৰেন্দ্ৰ নগৰ আশ্ৰম কতৃপক্ষৰ প্ৰচেষ্টাত স্থাপিত হৈছিল লীলানন্দ বিদ্যা নিকেতন হাইস্কুল।

বহু দিন পাৰ হোৱাৰ পিছত ১৯৯৯ চনত প্ৰাদেশিকৰণ হৈছিল যদিও প্ৰায় পাঁচ শতাধিক ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয় খনত আছে বহু সমস্যা। এই সমস্যাৰ কিছু পৰিমাণে সকাঁহ দিবলৈ আগবাঢ়ি আহিছে বিদ্যালয় খনৰ প্ৰাক্তন ছাত্ৰ তথা বৰ্তমান গুৱাহাটীৰ বিশিষ্ট ব্যৱসায়িক পৱন আগৰৱালা আৰু ভাতৃ দিলীপ আগৰৱালা। বিদ্যালয় খনৰ মূল প্ৰবেশ দ্বাৰ মুকলি কৰি বিদ্যালয়ৰ বিভিন্ন সমস্যাৰ বুজ লয় আৰু ছাত্ৰ ছাত্ৰীক গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ বিদ্যালয় কতৃপক্ষক দহখন ফেন দান কৰে লগতে তেওঁ কয় যে অতি সোনকালেই বিদ্যালয়খনত এটি পুথিভড়াল নিৰ্মাণ কৰি দিব। বিদ্যালয় কতৃপক্ষই গুৱাহাটীৰ পৰা অহা পৱন আগৰৱালা, অনিল জৈন, ৰীনা জৈন, শশী আগৰৱালা,দিলিপ আগৰৱালা, ভবিতা আগৰৱালা, শ্যাম জালান (কলিকতা)ক ফুলাম গামোচাৰে সম্বৰ্ধনাৰ লগতে ধন্যবাদ জনায়। লীলানন্দ বিদ্যা নিকেতনৰ প্ৰধান শিক্ষক প্ৰবীৰ দে ই আগৰৱালা পৰিয়ালক আন্তৰিক ধন্যবাদ জনায় আৰু কয় যে স্থানীয় ৰাইজৰ সহায় অবিহনে বিদ্যালয় এখন পৰিচালিত কৰা বহু টান। এনেকোৱা সহায় সহযোগিতা পালে বহু ভাল লাগে। উক্ত প্ৰৱেশদ্বাৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে বীৰেন্দ্ৰ নগৰ আশ্ৰম কতৃপক্ষৰ মনিন্দ্ৰ বসুমতাৰী, শশধৰ বিশ্বাস, অমিত দাস, লীলা নন্দ বিদ্যা নিকেতন হাইস্কুলৰ প্ৰধান শিক্ষক প্ৰবীৰ দে, সহকাৰী শিক্ষক গৌতম ভৌমিক, বকলি দাস, নন্দদুলাল চৰকাৰ, দিপক সাহা, বিদ্যুত সাহা, স্বপন বিশ্বাস, গৌৰি ঘোষ, নৱজীত ঘোষ, স্থানীয় মান্য গন্য ৰাইজ আৰু প্ৰায় চাৰি শতাধিক ছাত্ৰ ছাত্ৰী।