অৱশেষত পিতৃ-মাতৃৰ সন্দেহেই সত্য প্ৰমাণিত হৈছে।তিনিচুকীয়াৰ মেধাৱী ছাত্ৰ ফাইজান আহমেদৰ মৃতদেহ উদ্ধাৰ হৈছিল খড়গপুৰৰ আই আই টিৰ হোষ্টেলৰ কোঠাত। ঘটনাটো সংঘটিত হৈছিল-২০২২ চনৰ ১৪ অক্টোবৰত। মৃতদেহত আঘাতৰ চিন প্ৰত্যক্ষ কৰি ফাইজানৰ পিতৃ-মাতৃয়ে ফাইজানৰ মৃত্যুক পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ কৰিছিল যদিও খড়গপুৰ আই আই টিয়ে আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰা বুলি ফাইজানৰ পিতৃ-মাতৃয়ে অভিযোগ উত্থাপিত কৰি কলকাতা উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল।

ডিব্ৰুগড়ত কবৰস্থ কৰা ফাইজানৰ মৃতদেহ খান্দি ফৰেণচিকলৈ প্ৰেৰণ কৰা হৈছিল।দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত পোহৰলৈ আহে বিস্ফোৰক তথ্য।ফৰেণচিক প্ৰতিবেদন অনুসৰি ফাইজান আহমেদক নিচেই কাষৰ পৰা গুলীওৱাৰ উপৰিও ছুৰিৰে আঘাত কৰা হৈছিল। উচ্চ ন্যায়ালয়ে এই কথা প্ৰমাণ কৰাৰ পাছত ফাইজানৰ মাতৃয়ে এনেদৰে কয়। মেধাৱী ছাত্র ফাইজানৰ পিতৃয়ে ন্যায় লাভৰ আশা কৰিছে।

