বিশেষভাবে সক্ষম এগৰাকী ছাত্ৰীৰ স্ব-ৰচিত কবিতাসমূহ থূপ খোৱাই ১৬জুনত ছাত্ৰীগৰাকীৰ জন্মদিনত গ্ৰন্হ আকাৰে ছপা ৰূপ দি প্ৰকাশ কৰি এক ইতিবাচক পদক্ষেপ হাতত লোৱা যোৰহাটৰ অগ্ৰণী প্ৰকাশন গোষ্ঠী দিগদৰ্শন প্ৰকাশনৰ শলাগ লৈছে কমাৰগাঁৱৰ বুধবাৰীৰ ৰাইজে। দিগদৰ্শন প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত শিশু আৰু কিশোৰৰ অসমীয়া মাহত প্ৰকাশিত পষেকীয়া আলোচনী “জ্ঞানজ্যোতি” আৰু সাহিত্য আলোচনী”দিগদৰ্শন”ৰ কমাৰগাঁৱৰ প্ৰতিনিধি পৰিণীতা হাজৰিকাৰ পঞ্চমখন কবিতা পুথি” ৰঙীন উপন্যাস” ২নং বুধবাৰী প্ৰাথমিক বিদ্যালয়ত কমাৰগাঁও লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী বীণা ৰাজকুমাৰীয়ে উন্মোচন কৰে। দিনৰ ১১বজাৰ পৰা জন্মদিনৰ লগত সংগতি ৰাখি আয়োজিত এই অনুষ্ঠানত গ্ৰন্হখনৰ প্ৰকাশক তথা দিগদৰ্শন প্ৰকাশনৰ স্বতাধিকাৰ পংকজ কুমাৰ দাস, অৱসৰপ্ৰাপ্ত শিক্ষক চেনিৰাম গগৈ, শিল্পী শংকৰলোচন বৰা, লেখিকা অলিমাই বৰা হাজৰিকা বিশিষ্ট অতিথিৰূপে উপস্হিত থাকি বক্তব্য ৰাখে।

হিমাশ্ৰী শইকীয়াৰ নৃত্য, নৱনীতা বৰাৰ একক অভিনয়, কন্দৰ্প হাজৰিকাৰ গীত পৰিৱেশন, উৎপল বৰা, জয়নীল বৰুৱা, কীৰ্তিক দত্ত, ৰিচিপ্ৰিয়া বৰা আৰু চানক্য দুৱৰাই কবিতা পাঠেৰে জীপাল কৰি তোলা অনুষ্ঠানত উপস্হিত শতাধিক ৰাইজে দিগদৰ্শনৰ প্ৰশংসনীয় পদক্ষেপৰ শলাগ লৈ বক্তব্য ৰাখে।উল্লেখ্য যে পৰিণীতা হাজৰিকাৰ পঞ্চমখন কবিতা পুথিৰ উপৰিও ইতিমধ্যে “এমুঠি হৃদয়ৰ অনুভৱ”,”হৃদয়ৰ এমুঠি কবিতা”, “নিৰিবিলি সুবাস” আৰু “সেই বাটেৰে…”শীৰ্ষক কবিতা পুথিকেইখনো জন্মদিনত দিগদৰ্শন প্ৰকাশনে বিনামূলীয়াকৈ প্ৰকাশ কৰি পাঠকৰ হাতত তুলি দিছে।

