চিনেমা নহয়, বাস্তৱ কাহিনী! চোৰ ধৰিবলৈ চলন্ত ৰে’লৰ পৰা জঁপিয়ালে এগৰাকী মহিলাই…

এগৰাকী সাহসী মহিলা।এগৰাকী সাহসী মহিলাই চোৰ ধৰিবলৈ গৈ চলন্ত ৰে’লৰ পৰা জঁপিয়ালে। চলন্ত ৰে’লৰ পৰা থপিয়াই নিয়া বেগটোক উদ্ধাৰ কৰিবলৈ চিলনী চোৰৰ সমানেই দ্ৰুতবেগী ৰে’লৰ পৰা জঁপিয়াই দুঃসাহস দেখোৱালে মহিলাগৰাকী। ঠিক ‘ৰবট’ নামৰ বলিউদৰ ছৱিখনৰ কাহিনীৰ দৰে। ৰবটৰ চৰিত্ৰত অভিনয় কৰা ৰজনীকান্তে নায়িকা ঐশ্বৰ্য ৰায়ৰ বেগটোক একাংশ গুণ্ডাই পেলাই দিয়াৰ সময়ত চলন্ত ৰে’লৰ পৰা জঁপিয়াই যিদৰে বেগটোক উদ্ধাৰ কৰিছিল ঠিক সেই ছৱিখনৰ কাহিনীৰ দৰে। কিন্তু এয়া ছৱি নহয়, বাস্তৱ কাহিনী।


সেইয়া আছিল ৩০ মে’ৰ ঘটনা। ডিব্ৰুগড় চহৰৰ চিৰিং চাপৰিৰ প্ৰণতি কলিতা দাস নামৰ মহিলাগৰাকী স্বামীৰ চিকিৎসাৰ সংক্ৰান্তত গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ উভতি আহিছিল। স্বামী, শাহু আৰু কন্যাক লগত লৈ নাগালেণ্ড এক্সপ্ৰেছ নামৰ ৰে’লখনৰ সংৰক্ষিত আসনত উঠি আহি আছিল মহিলাগৰাকী। নিশা প্ৰায় ৩ বজাৰ ঘটনা। সেই সময়ত অচিনাক্ত এজন লোকে মহিলাগৰাকীৰ বেগটো থপিয়াই পলায়ন কৰে। বেগটোক চিলনী চোৰৰ হাতৰ পৰা উদ্ধাৰ কৰিবলৈ বহু সময় ধৰি যুঁজ দিয়ে মহিলাগৰাকী। কিন্তু চিলনী চোৰটোৱে বেগটোক চলন্ত ৰে’লৰ পৰা পেলাইয়েই জঁপিয়াই দিয়ে। লগে লগে মহিলাগৰাকীও দ্ৰুতবেগী চলন্ত ৰে’লৰ পৰা জঁপিয়াই দিয়ে। ইয়াৰ পিছতে চিলনী চোৰটোৰ পিছে পিছে দোৰি যায় প্ৰণতি কলিতা দাসে। প্ৰায় ৩-৪ কিলোমিটাৰ খেদি যোৱাৰ পিছত ফৰকাটিঙৰ এটা ব্যক্তিৰ বাসগৃহত সহায় বিচাৰে। ঘৰটোৰ পৰিয়ালৰ সহযোগতে আৰক্ষীক খবৰ দিয়াত ৰে’লৱে ট্ৰেকৰ সমীপৰ ঘণ জংঘলত পেলাই থৈ যোৱা বেগটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

ফৰকাটিং জংচন পোৱাৰ আগমুহুৰ্তত সংঘটিত হোৱা এই ঘটনাৰ পিছতে ৰে’লত যাত্ৰীৰ নিৰাপত্তা ব্যৱস্থাটোক লৈ প্ৰশ্ন উত্থাপন কৰিছে। সংৰক্ষিত আসনত টিকটবিহীন ব্যক্তিৰ প্ৰৱেশ কেনেদৰে হ’ল? এই সমগ্ৰ ব্যৱস্থাটো ৰে’লখনৰ নিৰাপত্তাৰ দায়িত্বত থকা কৰ্তৃপক্ষ জড়িত থকাৰ সন্দেহ কৰা হৈছে। ইতিমধ্যে বিষয়টোৰ সন্দৰ্ভত তদন্ত বিচাৰি বিভাগীয় কৰ্তৃপক্ষলৈ পত্ৰ লিখিছে সাহসী মহিলাগৰাকী।

Related Articles