মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ ১৬ গৰাকী শিক্ষাৰ্থীলৈ গান্ধী ফেল’শ্বিপ…

২০২৪ বৰ্ষৰ গান্ধী ফেল’শ্বিপৰ বাবে নিৰ্বাচিত হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ ১৬গৰাকীকৈ শিক্ষাৰ্থী। ইয়াৰে ১৫ গৰাকী সমাজকৰ্ম বিভাগৰ আৰু ১ গৰাকী সমাজতত্ব বিভাগৰ৷ সমাজকৰ্ম বিভাগৰ পৰা এই ফেল’শ্বিপৰ বাবে নিৰ্বাচিত হৈছে ক্ৰমে প্ৰবাল শৰ্মা, পৰশমণি বুজৰবৰুৱা, চাফ্ৰিণ হাজৰিকা, ধৰিত্ৰী চেতিয়া, ৰাজশ্ৰী গগৈ, মুনমি দত্ত, বৈশালী বৰা, বিভা দাস, গাৰ্গী কাকতি, প্ৰস্তুতি দত্ত, কৃষ্ণা চেত্ৰী, জিতৰাজ চাংমাই, চিমি বৰ্মন, সুপ্ৰীয়া চাংমাই আৰু চৈয়দা আনজুবা  চায়েস্তা৷

আনহাতে সমাজতত্ব বিভাগৰ পৰা সুকন্যা শইকীয়া চলিত বৰ্ষৰ গান্ধী ফেল’শ্বিপৰ বাবে নিৰ্বাচিত হৈছে৷ উল্লেখযোগ্য, ভাৰতৰ যুৱ ছাত্ৰ-ছাত্ৰীক অনুপ্ৰাণিত কৰাৰ উদ্দেশ্যেৰে ২০০৮ চনৰে পৰা এই ফেল’শ্বিপ প্ৰদান কৰি অহা হৈছে৷ বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক মৃদুল হাজৰিকা, পঞ্জীয়ক (ভা:) ড° নয়নমনি শইকীয়া, সহকাৰী পঞ্জীয়ক (শৈক্ষিক) ড° বিচিত্ৰ বিকাশ, সহকাৰী পঞ্জীয়ক মৃণাল কুমাৰ গগৈ, সহকাৰী পৰীক্ষা নিয়ন্ত্ৰক মানস কপিল পাঠকৰ লগতে বিশ্ববিদ্যালয়ৰ দুয়োটা বিভাগৰ মুৰব্বী ক্ৰমে ড° দীপশিখা কাৰ্পেন্টাৰ, ড° কৰবী কোঁচৰ উপৰিও প্ৰতিটো বিভাগৰ মুৰব্বী তথা বিশ্ববিদ্যালয় পৰিয়ালে শিক্ষাৰ্থীসকলৰ এই বিশেষ সফলতাৰ বাবে অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে৷

Related Articles