নগাঁও জিলাৰ চামগুৰি বিদ্যুৎ উপ-সংমণ্ডল কাৰ্য্যালয়ৰ জৰিয়তে বহু উপভোক্তালৈ অত্যাধিক টকা পৰিমাণৰ বিদ্যুৎ বিল প্ৰেৰণ কৰাৰ দৰে ঘটনা সততে সংঘটিত হোৱাৰ দৰে পুনৰ আন এক আজৱ কাণ্ড শেহতীয়াকৈ পোহৰলৈ আহিছে । প্ৰাপ্ত তথ্য অনুসৰি, বঢ়মপুৰ বৰলালুংগাঁও অঞ্চলৰ মুৰ্গীলড়াই মাজগাঁওৰ এটা দিন হাজিৰা কৰা পৰিয়ালৰ মুৰব্বী মাংৰা মূৰাৰ নামত আহিছে এমাহৰ বৈদ্যুতিক বিল ১,৩৭,৯১১ টকা । এই সম্পৰ্কত ভুক্তভোগী লোকজনে জানিবলৈ দিয়া মতে তেওঁ যোৱা মাহতো বিদ্যুৎ বিল পৰিশোধ কৰিছে। প্ৰতি মাহে তেওঁলৈ বিল ১০০ ৰ পৰা ৩০০ টকাৰ ভিতৰত আহে যদিও এইবাৰ তেওঁ এই বিলখন পোৱাৰ পিছত হতভম্ব হৈ পৰে। তেওঁ ইতিমধ্যে বিদ্যুৎ বিভাগৰ কোনো লোকৰ সৈতে যোগাযোগ কৰিছে যদিও বিষয়টো এই পৰ্যন্ত সমাধান হোৱা নাই বুলি জানিবলৈ দিছে। উল্লেখ্য যে , কেইমাহমান পূৰ্বে বঢ়মপুৰ ভকতগাঁৱৰ যোগেশ্বৰ বৰা নামৰ এজন ব্যক্তিৰ নামত এমাহৰ বিদ্যুৎ বিল হিচাপে প্ৰেৰণ কৰা হৈছিল ত্ৰিশ হাজাৰৰ অধিক টকাৰ বিল। সেইদৰে, এবছৰ মান পূৰ্বেও বামুণী অঞ্চলৰ এজন লোকলৈ বিদ্যুৎ সংযোগ নোহোৱাকৈয়ে আহিছিল বিল। এনেধৰণৰ আজব ঘটনা সংঘটিত হোৱাৰ আঁৰত বিদ্যুৎ বিভাগৰ কৰ্মচাৰীসকলৰ কৰ্তব্যৰ প্ৰতি অনীহা নে দায়িত্বজ্ঞানহীনতা, তাকে লৈ এতিয়া সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- আজি দেশত লোকসভাৰ পঞ্চম পৰ্যায়ৰ নিৰ্বাচন, ভাগ্য নিৰ্ণয় হ’ব ৰাজনাথ সিং, স্মৃতি ইৰাণী; ৰাহুল গান্ধীৰ…
- ফিটনেছৰ ১৫ তম গৌৰৱময় বৰ্ষ উদযাপন গোল্ড জিম গণেশগুৰিৰ…
- বিশিষ্ট শিক্ষাবিদ-সমাজকৰ্মী কুঞ্জমোহন বৰাক কলেজ অৱ এডুকেশ্বন নগাঁৱৰ সম্বৰ্দ্ধনা…
- নগাঁও মহাবিদ্যালয় (অট’নমাচ)ৰ এন এছ এছ গোটৰ বিশেষ শিবিৰ…
- অসমীয়া অভিধান চোৱাৰ কৌশল আৰু বানানৰ সমস্যা শীৰ্ষক কৰ্মশালা সম্পন্ন….
- বৰো ধানৰ খেতিৰে দেউছতালত সেউজ বিপ্লৱ উদ্যমী কৃষক বলেশ্বৰ ৰংপীৰ; ধান কটা পৰ্ব আৰম্ভ…
- অসম আৰক্ষীৰ প্ৰাক্তন ফুটবল খেলুৱৈ মৰিগাঁৱৰ বিশিষ্ট নাগৰিক মমিন বৰদলৈৰ দেহাৱসান…
- বঙাইগাঁৱত চৰম লজ্জানত ঘটনা ! প্ৰেমিক- প্ৰেমিকাৰ ওপৰত মধ্যযুগীয় আসুৰিক অত্যাচাৰ ! পাঁচ নৰপিশাচক আটক…
- ছিপাঝাৰত ছাগলী চোৰ বিপদত! মুখত ক’লা টেপ লগোৱা অৱস্থাত উদ্ধাৰ হ’ল ছাগলী…
- তীৰ্থনগৰী হাজোত দৈনন্দিন বাৰ্তা গোষ্ঠী চিৰঞ্জীৱী হোৱাৰ লক্ষ্যৰে সম্বৰ্ধনা অনুষ্ঠান…