তিনিচুকীয়াৰ গুঁইজান ঘাটৰপৰা মুলুকগাঁৱলৈকে বানাক্ৰান্তৰ অৱস্থাৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে…

বান পৰিস্থিতিৰ পৰ্যবেক্ষণ কৰি বৃহস্পতিবাৰে তিনিচুকীয়াৰ গুঁইজান ঘাটৰপৰা মুলুকগাঁৱলৈ যাত্ৰা কৰি বানাক্ৰান্তৰ অৱস্থাৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ৰাইজৰ সুবিধাৰ্থে সাহায্য তথা উদ্ধাৰ অভিযান তীব্ৰতৰ কৰাৰ লগতে সকলোধৰণৰ জৰুৰীকালীন সহায়-সহযোগিতা, সেৱা উপলব্ধ কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে।

পৰিদৰ্শনৰ এই সময়ছোৱাত মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে বিধায়ক বিনোদ হাজৰিকা, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, অসম পেট্ৰ’-কেমিকেলছ্ লিমিটেডৰ অধ্যক্ষ বিকুল ডেকা, বিজেপি অসম প্ৰদেশ সমিতিৰ সাধাৰণ সম্পাদক পুলক গোহাঁই, তিনিচুকীয়া জিলা বিজেপিৰ সভাপতি কুশকান্ত বৰা, হাউছিং ব’ৰ্ডৰ উপাধ্যক্ষ সুভাষ দত্ত, জিলা উপায়ুক্ত, ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা প্ৰমুখ্যে অন্যান্য বিষয়ববীয়াসকল।

Related Articles