ধেমাজি জিলাৰ গোগামুখ মহৰিকেম্পস্থিত ৰাজীৱ গান্ধী গ্ৰাম্য ক্ৰীড়া প্ৰকল্পত মহৰিকেম্প ক্ৰীড়া সন্হাৰ সহযোগত আৰু ৭৮ সংখ্যক স্বাধীনতা দিৱস উদ্যাপন সমিতিৰ উদ্যোগত স্বাধীনত দিৱস কাপ প্ৰাইজমাণি আৰু ট্ৰফী ফুটবল প্ৰতিযোগিতা আৰম্ভ হৈছে ৷ বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা প্ৰথমখন খেলত গোগামুখ স্পৰ্ট একাডেমীয়ে মহৰিকেম্প নিউ ফ্ৰেইণ্ডছ্ দলক ২-১ গ’লৰ ব্যৱধানত পৰাস্ত কৰি পৰবৰ্ত্তী ৰাওণ্ডত প্ৰৱেশ কৰিছে ৷ গোগামুখ স্পৰ্ট একাডেমীয়ে উভয় অৰ্ধতে সুন্দৰ খেল প্ৰদৰ্শন কৰি দৰ্শক ৰাইজক আপ্লুত কৰে ৷

উভয় অৰ্ধতে একাডমীয়ে ৭০ শতাংশ বল নিজৰ ভৰিত ৰাখিবলৈ সক্ষম হয় ৷ বৃহস্পতিবাৰৰ খেলখন পৰিচালন কৰে বিদ্যুৎ বিকাশ মিলি, জিন্টু ফুকন আৰু বিপুল চাংমায়ে৷ চতুৰ্থ পৰিচালক হিচাপে থাকে ব্ৰজেন বুঢ়াগোঁহায়ে ৷ খেলখন উদ্বোধন কৰে ধেমাজি ক্ৰীড়া সন্হাা সম্পাদক যতীন বুঢ়াগোঁহায়ে ৷ তেওঁক সহযোগ কৰে প্ৰাক্তন ৰাজ্যিক ফুটবল খেলুৱৈ দিলীপ পেগুৱে ৷ সভাত উপস্থিত থাকে মহৰিকেম্প ক্ৰীড়া সন্হাৰ সভাপতি ৰমেশ পেগু, সম্পাদক কমল পেগু, ৭৮ সংখ্যক স্বাধীনতা দিৱস উদ্যাপন সমিতিৰ সভাপতি মণিকান্ত (দুনীয়া) মিলি, সম্পাদক তনু মিলি আৰু স্থানীয়, শিক্ষক, ক্ৰীড়া সংগঠকসকলে ৷

