অন্ত পৰিব ৰেচন কাৰ্ডযোগে বিনামূলীয়া চাউল বিতৰণ ব্যৱস্থাৰ…

অচিৰেই অন্ত পৰিব ৰেচন কাৰ্ডযোগে বিনামূলীয়া চাউল বিতৰণ ব্যৱস্থাৰ। ৰেচন কাৰ্ডৰ যোগেদি যোগান ধৰা সামগ্ৰীৰ সালসলনিৰ চিন্তা-চৰ্চা কেন্দ্ৰীয় চৰকাৰৰ।

চাউলৰ পৰিৱৰ্তে হিতাধিকাৰীক দিয়া হ’ব ৯টাকৈ অত্যাৱশ্যকীয় সামগ্ৰী। খাদ্যত পুষ্টিৰ মাত্ৰা বৃদ্ধিৰ বাবেই চৰকাৰে গ্ৰহণ কৰিছে এই সিদ্ধান্ত।

ঘেঁহু, দাইল, বুট, মিঠাতেল, আটা, চেনি, নিমখ, মচলা, ছয়াবিনো যোগান ধৰিব কাৰ্ডৰ যোগেদি। ৰেচন কাৰ্ডধাৰীক বিনামূলীয়াকৈ যোগান ধৰিব এই সামগ্ৰীসমূহ। সম্প্ৰতি দেশৰ ৯০ কোটি লোকে লাভ কৰি আহিছে ৰেচন কাৰ্ডৰ সুবিধা।

Related Articles