দৈনন্দিন বাৰ্তাৰ সেৱা, গোগামুখ, ১৭ অক্টোবৰঃ মিচিং জনজাতিসকলৰ একমাত্ৰ জাতীয় সাংস্কৃতিক সংগঠন মিচিং দৃৰবৃ কৗবাঙৰ ৪৪ সংখ্যক প্ৰতিষ্ঠা দিৱস গোগামুখত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ৷ ধেমাজি জিলাৰ গোগামুখস্থিত আবতানি লত্তাত অনুষ্ঠিত হ’ব লগা উক্ত প্ৰতিষ্ঠা দিৱসৰ বাবে প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ কৰি তুলিছে ৷ (Mising)
মিচিং দৃৰবৃ কৗবাঙৰ কেন্দ্ৰীয় সভাপতি অশ্বিনী কুমাৰ দলে আৰু সম্পাদক প্ৰশান্ত বড়িয়ে জনোৱা মতে প্ৰতিষ্ঠা দিৱসৰ দিনা গুমৰাগ্ নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ’ব ৷ প্ৰতিযোগিতাৰ প্ৰথম বিজেতাই লাভ কৰিব নগদ ৫০ হাজাৰ টকাসহ মানপত্ৰ, দ্বিতীয় বিজেতাই লাভ কৰিব নগদ ৪০ হাজাৰ টকাসহ মানপত্ৰ আৰু তৃতীয় বিজেতাই লাভ কৰিব নগদ ৩০ হাজাৰ টকাসহ মানপত্ৰ ৷ সভাপতি-সম্পাদকে লগতে জনোৱা মতে প্ৰতিষ্ঠা দিৱসৰ পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণ অনুষ্ঠিত কৰা হ’ব ৷
দুপৰীয়া মুকলি সভা অনুষ্ঠিত হ’ব ৷ মুকলি সভা উদ্ধোধন কৰিব মিচিং বাঃনৗ কৗবাঙৰ সভাপতি পৰমানন্দ চায়েঙীয়াই ৷ মুকলি সভাত অতিথি হিচাপে উপস্থিত থাকিব তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ চেন্টাৰ ফ’ৰ ইন্ক্লুছিভ ডেভেলপমেণ্টৰ সঞ্চালক তথা ছ’চিঅ’ লিংগুইষ্টিক বিভাগৰ প্ৰাধ্যাপক ড° ৰাজীৱ দলে, জোনাই বিধানসভা সমষ্টিৰ বিধায়ক ভূবন পেগু, মিচিং দৃৰবৃ কৗবাঙৰ প্ৰাক্তন সভাপতি সুৰুজ কুমাৰ পাতিৰি, উপ-সভাপতি পবিত্ৰ কুমাৰ পাতিৰ আদিৰ লগতে বাঃনৗ কৗবাং, টি এম পি কে, এম এম কে, টি এম এম কে, মিচিং আগম কৗবাঙৰ কেন্দ্ৰীয় নেতৃত্ববৃন্দই ৷ সাংস্কৃতিক নিশাৰ কাৰ্যসূচীত গীত পৰিৱেশ কৰিব কুকিল কন্ঠি গায়িকা তথা শিল্পী ৰূপা মিলিয়ে ৷ অভ্যৰ্থনা সমিতিয়ে প্ৰতিষ্ঠা দিৱসত সকলো ৰাইজৰ উপস্থিতি কামনা কৰিছে ৷

