১৭ ডিচেম্বৰ, গুৱাহাটীঃ One nation one election bill । যুটীয়া সংসদীয় কমিটী অৰ্থাৎ জে পি চিলৈ বিবেচনাৰ বাবে প্ৰেৰণ কৰা ‘এক ৰাষ্ট্ৰ, এক নিৰ্বাচন’ বিধেয়ক সন্দৰ্ভত কংগ্ৰেছ সাংসদ ৰাজীৱ শুক্লাই কয়, “এই বিধেয়কখন জে পি চিলৈ প্ৰেৰণ কৰাটো ভাল ।
আমিও একেটা দাবী কৰি আছিলোঁ । জে পি চিত বিধেয়কখনৰ বিতং আলোচনা হ’ব লাগে । বিধেয়কখনত বহুতো ত্ৰুটি আছে ।”

আনহাতে, কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে – বিধেয়কখনক অসাংবিধানিক বুলি অভিহিত কৰি কয় যে কংগ্ৰেছে ইয়াৰ বিৰোধিতা কৰিছে । মঙলবাৰে লোকসভাৰ অধ্যক্ষই সদনত বিধেয়কখন উত্থাপনৰ ওপৰত হোৱা ভোটদানত ২৬৯ গৰাকী সদস্যই সপক্ষে আৰু ১৯৬ গৰাকী সদস্যই বিপক্ষে ভোটদান কৰে ।

