২২ জানুৱাৰী,২০২৫ঃ Central Government’s Fellowship । ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ চিচিআৰটিৰ উৎকৃষ্ট সাংস্কৃতিক ক্ষেত্ৰৰ গৱেষণামূলক অধ্যয়নৰ বাবে জুনিয়ৰ ফেল’শ্বিপ লাভ কৰিছে অসমৰ যুৱ মূকাভিনয় শিল্পী মিনাংক ডেকাই। মূকাভিনয় ক্ষেত্ৰত ২০২২-২৩ বৰ্ষৰ এই ফেল’শ্বিপ ভাৰতৰ দুজন শিল্পীয়ে লাভ কৰিছে।

এজন অসমৰ মিনাংক ডেকা আৰু এজন মধ্যপ্ৰদেশৰ। গৱেষণাৰ বিষয়- মূকাভিনয় শিল্পক পুনৰুদ্ধাৰঃ সংস্কৃতি আৰু শিক্ষাত ভাৰতীয় মূকাভিনয়ৰ গুৰুত্বক অন্বেষণ। কটন বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু গণসংযোগ বিভাগৰ প্ৰাক্তন ছাত্ৰ মিনাংক ডেকাই ব্যতিক্ৰমী ৰূপেৰে মূকাভিনয়ৰে সমাজলৈ বহু ইতিবাচক বাৰ্তা প্ৰেৰণ কৰি আহিছে।

মূকাভিনয়ৰ প্ৰচাৰ আৰু প্ৰসাৰত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি থকা মিনাংক ডেকাই নিজস্ব উদ্যোগত অসম তথা ভাৰতৰ পৰা প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় পত্ৰিকা “নিৰ্বাক” প্ৰকাশ কৰি আহিছে। পথ সুৰক্ষা, স্বচ্ছতা, ড্ৰাগছৰ ভয়াবহতা, বাল্য বিবাহ, জলাশয় সংৰক্ষণ, এইডছ, কেঞ্চাৰ সজাগতা ইত্যাদি বহু বিষয় লৈ মিনাংক ডেকাই শিল্প সাধনা কৰি আছে। সংগীত নাটক অকাডেমি বঁটা প্ৰাপক মইনুল হকৰ তত্বাৱধানত মূকাভিনয় শিক্ষা লাভ কৰা মিনাংক ডেকা গুৱাহাটীৰ পশ্চিম বৰাগাঁও নিবাসী গোপী ডেকা (পিতৃ) আৰু বুলু ডেকাৰ (মাতৃ) একমাত্ৰ পুত্ৰ।

